শিক্ষাবিদ তথা প্ৰবীণ বাওঁপন্থী নেতা অৱনী বৰঠাকুৰলৈ বোকাখাতত গভীৰ শ্ৰদ্ধাঞ্জলি তথা ৰক্তিম অভিবাদন

শিক্ষাবিদ তথা প্ৰবীণ বাওঁপন্থী নেতা অৱনী বৰঠাকুৰলৈ বোকাখাতত গভীৰ শ্ৰদ্ধাঞ্জলি তথা ৰক্তিম অভিবাদন
Published on
Updated on

ডিজিটেল সংবাদ,বোকাখাত : অসমৰ সুযোগ্য চিন্তাবিদ, শিক্ষাবিদ তথা প্ৰবীণ বাওঁপন্থী নেতা অৱনী বৰঠাকুৰৰ বিয়োগ অসমৰ বাবে এক অপুৰণীয় ক্ষতি। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে গুৱাহাটীৰ গীতানগৰস্থিত কে জি এম টি হাস্পতালত ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ সুযোগ্য চিন্তাবিদ গৰাকীৰ।

চৰকাৰৰ জন বিৰোধী নীতি, জাতি বিৰোধী স্থিতি, শাসকৰ শোষণৰ বিৰুদ্ধে বাৰে বাৰে ৰাজপথত নামি প্ৰতিবাদী মিচিলক সন্মূখৰ পৰা নেতৃত্ব দিয়া সেইগৰাকী চিন্তাবিদ লৈ বুধবাৰে বোকাখাতত জীপাল কৃষক-শ্ৰমিক সংঘ আৰু প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত গভীৰ শ্ৰদ্ধাঞ্জলি তথা ৰক্তিম অভিবাদন জ্ঞাপন কৰা হয়।

বোকাখাত নাট্য মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত প্ৰবীণ বাওঁপন্থী নেতাগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ হৈ বলো বৰা, প্ৰনৱ দলে, ভাৰতীয় গণনাট্য সংঘৰ হৈ গণশিল্পী ধনেশ্বৰ শইকীয়া, প্ৰয়াস অধ্যয়ন চক্ৰৰ হৈ অমৰ কাকতি নিজৰা বৰঠাকুৰ আৰু পল্লৱ হাজৰিকাই। ইয়াৰোপৰি জীপাল কৃষক শ্ৰমিক সংঘ‌‌‌ৰ হৈ প্ৰবীণ পেগু, বিজু চাওতাল আৰু সোনেশ্বৰ নৰহ, ৰিক্সাচালক সন্থা, বোকাখাত নাট্য মন্দিৰৰ হৈ জিতু শৰ্মা ৰাজখোৱা আৰু নিলু আচাৰ্য লগতে সাংবাদিক সন্থাকে আদি কৰি কেইটাও প্ৰতিষ্ঠান আৰু দল-সংগঠনে।

আনহাতে বোকাখাত জাতীয় বিদ্যালয়ৰ হৈ ইঞ্জু আহমেদ আৰু ৰাতুল ফুকনৰ তত্বাৱধানত গোমৰাগ আবুৰ ভায়লীনত কল্যান খৰমান ৰাগ বাদনৰে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে চিন্তাবিদগৰাকীলৈ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ আঁত ধৰে কৃষক নেতা সোনেশ্বৰ নৰহে। নৰহে কয়- চিন্তাবিদ তথা ৰাজনৈতিক পুৰোধা ব্যক্তিগৰাকীৰ আদৰ্শৰে নতুন প্ৰজন্মক যাতে উদ্বুদ্ধ আৰু ৰাজনৈতিকভাৱে সচেতন কৰি ৰাখিব পাৰি তাৰ উদেশ্য আগত ৰাখিয়েই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ আয়োজন কৰা হ'ল। লগতে কয় এই ক্ষণটোৰ সাক্ষীহৈ বোকাখাত বাসী নিজেও ধন্য হ'ল।

উল্লেখযোগ্য যে, ১৯২৯ চনত জন্মগ্ৰহণ কৰা অৱনী বৰঠাকুৰ কটন কলেজত অধ্যয়ন কৰি থকাৰ সময়তে দেশৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল আৰু ছাত্ৰ অৱস্থাতেই গ্ৰহণ কৰিছিল কমিউনিষ্ট পাৰ্টিৰ সদস্য পদ।

অনবৰতে সমাজমুখী চিন্তা আৰু সমাজ সংস্কাৰৰ স্বপ্নৰ পিছে পিছে দৌৰা বৰঠাকুৰে ১৯৪৫ চনতে শিৱসাগৰ জিলাৰ ছাত্ৰ ফেডাৰেচনৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল।

১৯৫০ চনৰে পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সৰ্বক্ষণৰ কৰ্মী হৈ তেওঁ ১৯৭০ চনৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সহকাৰী সম্পাদক, দলৰ সম্পাদক মণ্ডলীৰ সদস্যও হৈছিল। ১৯৪৮ ৰ পৰা ১৯৫৮ চনলৈ তেওঁ আছিল অসম ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদকৰ দায়িত্বত।

ৰাজনৈতিক, সামাজিকভাৱে এনেদৰে সক্ৰিয় হৈ থকাৰ মাজতেই তেওঁ ১৯৫৫ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত ১৯৬৩ চনত গ্ৰহণ কৰে বুৰঞ্জীত স্নাতকোত্তৰ ডিগ্ৰী। অবিভক্ত শিৱসাগৰৰ অন্যতম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান নাজিৰা কলেজৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো বিশেষভূমিকা গ্ৰহণ কৰা বৰঠাকুৰে পৰৱৰ্তী সময়ত ১৯৮২ চনত মহাবিদ্যালয়খনৰ গ্ৰহণ কৰিছিল অধ্যক্ষৰো দায়িত্ব।

শিক্ষাবিদ তথা প্ৰবীণ বাওঁপন্থী নেতা অৱনী বৰঠাকুৰলৈ বোকাখাতত গভীৰ শ্ৰদ্ধাঞ্জলি তথা ৰক্তিম অভিবাদন
ৰঙাপৰাত কিশোৰৰ মৃত্যুক লৈ দল-সংগঠনৰ প্ৰতিবাদ : হত্যাৰ সন্দেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in