অসম নাগালেণ্ড সীমান্তত আটক ২ ড্ৰাগছ সৰবৰাহকাৰী

অসম নাগালেণ্ড সীমান্তত আটক ২ ড্ৰাগছ সৰবৰাহকাৰী
Published on
Updated on

ডিজিটেল সংবাদ, সৰুপথাৰঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে অসম আৰক্ষীৰ৷ দেওবাৰে গোপন সুত্ৰৰ ভিত্তিত সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ চুঙাজান দিগবীৰ বস্তিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

১৩ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছখিনি ৷ জব্দ হোৱা ড্ৰাগছখিনিৰ পৰিমাণ প্ৰায় ১৫৫ গ্ৰাম ৷ ইফালে জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ২ লাখ ৫০ হাজাৰ টকা বুলি অনুমান কৰা হৈছে ৷ AS03 AA 1090 নম্বৰৰ বলেৰ' বাহনত মণিপুৰৰ পৰা ডিমাপুৰ হৈ গোলাঘাটলৈ সৰবৰাহ কৰিবলৈ লওতেই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ কৰায়ত্ত কৰে ধৃত দুই সৰবৰাহকাৰীক৷

গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণ্ময় দাসৰ নেতৃত্বত সৰুপথাৰ, নাওজান আৰু চুঙাজান থানাৰ আৰক্ষীৰ এটা বৃহৎ দলে জব্দ কৰে ড্ৰাগছখিনি৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম নুৰচাদ আলী আৰু মাৰাজুল হুচেইন বুলি জানিব পৰা গৈছে ৷ এই ঘটনাই সমগ্ৰ ধনশিৰি মহকুমাতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

অসম নাগালেণ্ড সীমান্তত আটক ২ ড্ৰাগছ সৰবৰাহকাৰী
বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ এজন নিহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in