ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট জিলাৰ অন্তৰ্গত সৰুপথাৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ নেতৃত্বত এটা দলে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়৷
জানিব পৰা মতে,AS 05 S 9434 নম্বৰৰ এল্টো গাড়ীত আনি থকা অৱস্থাত সৰুপথাৰ থানাৰ সমুখত ড্ৰাগছখিনি জব্দ কৰে।২১২ টা চাবোনৰ বাকচত আনিছিল ড্ৰাগছখিনি ৷ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰে৷ যুৱকজন মনিপৰৰ আডাখ মাও বুলি জানিব পৰা গৈছে।উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত ৷
Also Read: উদালিত ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ প্ৰস্তুতি