ডিজিটেল সংবাদ, কাজিৰঙাঃ শাৰদীয় দুৰ্গাপূজালৈ মাজত মাত্ৰ এটা দিন বাকী। শক্তিৰূপা দেৱী দুৰ্গাক আৰাধনাৰ বাবে সাজু হৈছে ৰাজ্যবাসী৷ আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলা হৈছে পূজা মণ্ডপসমূহ ৷
কাজিৰঙাৰো বিভিন্ন স্থানত উলহমালহেৰে চলিছে পূজাৰ প্ৰস্তোতি৷ তাৰ মাজতে ৭৬ বছৰ গৰকা কহঁৰা বাৰোৱাৰী দুৰ্গাপূজা সমিতিৰ উদ্যোগত আয়োজন কৰা দুৰ্গা পূজাত চন্দ্ৰযান-৩ ৰ আৰ্হিৰে নিৰ্মাণ কৰা তোৰণে আকৰ্ষিত কৰিছে সকলো ৰাইজক ৷ বৰ্তমান যিহেতু পৰ্যটনৰ সময় ৷দেশী বিদেশী পৰ্যটকৰ আগমন হৈছে কাজিৰঙালৈ ৷গতিকে পৰ্যটক সকলেও যাতে পূজাৰ আনন্দ উপভোগ কৰিব পাৰে তাৰবাবে ব্যস্ত হৈ পৰিছে উদ্যোক্তা সকল ৷
উদ্যোক্তাসকলৰ লগতে শাৰদীয় দুৰ্গোৎসৱৰ মৃন্ময়মুৰ্তিক শেষ পৰশ দিয়াত দিনে নিশাই ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল৷ দিন-ৰাতি একাকাৰ কৰি দুৰ্গাদেৱীৰ মৃণ্ময় মূৰ্ত্তিক শেষৰূপ দিয়াত ব্যস্ত কাজিৰঙাৰ মৃৎশিল্পীসকল৷ সুনিপুণ হাতেৰে সুন্দৰ ৰূপ দি দেৱী মাক ভক্তৰ সন্মুখত তুলি ধৰিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে কাজিৰঙাৰ হাতীখুলিৰ মৃৎশিল্পীসকল ৷
বৰ্তমান যিহেতু পৰ্যটনৰ সময়। গতিকে দেশী-বিদেশী পৰ্যটকৰ আগমন হৈছে কাজিৰঙালৈ৷ গতিকে পৰ্যটকসকলেও যাতে পূজাৰ আনন্দ উপভোগ কৰিব পাৰে তাৰবাবে ব্যস্ত হৈ পৰিছে উদ্যোক্তাসকল ৷
Also Read: আজি কাতি বিহু