হস্তী পূজাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী

কৃষিমন্ত্ৰী অতুল বৰাই কহঁৰা বনাঞ্চলৰ মিহিমুখত ফিটা কাটি মুকলি কৰে বন বিভাগৰ হাতী ছাফাৰী

author-image
Asomiya Pratidin
New Update
হস্তী পূজাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী

হস্তী পূজাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী

ডিজিটেল সংবাদ, গোলাঘাট : পৰম্পৰাগত হস্তী পূজাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী ৷ কৃষিমন্ত্ৰী অতুল বৰাই কহঁৰা বনাঞ্চলৰ মিহিমুখত ফিটা কাটি মুকলি কৰে বন বিভাগৰ হাতী ছাফাৰী ৷

হাতী ছাফাৰী কৰিছে মন্ত্ৰী অতুল বৰাই
হাতী ছাফাৰী কৰিছে মন্ত্ৰী অতুল বৰাই

একেলগে বাগৰি বনাঞ্চলতো আৰম্ভ হয় ব্যক্তিগত হাতী ছাফাৰী ৷ প্ৰথম দিনটোত কহঁৰা বনাঞ্চলত ১০ টা হাতীত বেলজিয়াম, ইউ কে ৰ বিদেশী পৰ্যটক আৰু বহিৰাজ্যৰ পৰ্যটককে ধৰি মুঠ ৩০ গৰাকী পৰ্যটকে হাতী ছাফাৰী কৰে ৷

হাতী ছাফাৰী
হাতী ছাফাৰী

আনহাত বাগৰি বনাঞ্চলত ব্যক্তিগত হাতী আৰু কহঁৰা বনাঞ্চলৰ ব্যক্তিগত হাতীত প্ৰায় ডেৰ শতাধিক পৰ্যটকে হাতী ছাফাৰী কৰে ৷ হাতীত উঠি বন্যজন্তু নিচেই কাষৰ পৰা প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে দেশী বিদেশী পৰ্যটক ৷

হস্তী পূজাত এনেদৰে দেখা গৈছে অতুল বৰাক
হস্তী পূজাত এনেদৰে দেখা গৈছে অতুল বৰাক

লগতে লাভ কৰে ঘৰচীয়া জন্তুক কল খুওৱাৰ আনন্দ ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সদৰী কৰা মতে অক্টোবৰ মাহত ২৮৯৮০ গৰাকী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী কৰে ৷

বিদেশী পৰ্যটক
বিদেশী পৰ্যটক

ইয়াৰে ভাৰতীয় পৰ্যটক ২৮৪০১ গৰাকী আৰু বিদেশী পৰ্যটক ৫৭৯ গৰাকী ৷ সংগ্ৰহ হোৱা ৰাজহৰ পৰিমান ৬৫৩৭৫১৫ টকা ৷ উল্লেখযোগ্য যে প্ৰথম দিনটোত প্ৰদুম্ন্য,বীৰ ,ফুলন ,জয় ,কৰ্ণ,পাহি ,পূৰ্ণিমা,আইৰণ,লক্ষীমাই আৰু বিষ্ণু নামৰ হাতীৰে পৰ্যটকক ছাফাৰী কৰা হয় ৷

Also Read: অতি সংকটজনক অৱস্থাত আই চি ইউতে আছে কুলদা কুমাৰ ভট্টাচাৰ্য...

kaziranga national park elephant safari অতুল বৰা