কাজিৰঙাত কাৰ্বি বয়ন শিল্পৰ প্ৰদৰ্শনী আৰু প্ৰশিক্ষণ অনুষ্ঠান...

কাজিৰঙাত কাৰ্বি বয়ন শিল্পৰ প্ৰদৰ্শনী আৰু প্ৰশিক্ষণ অনুষ্ঠান...
কাজিৰঙাত কাৰ্বি বয়ন শিল্পৰ প্ৰদৰ্শনী আৰু প্ৰশিক্ষণ অনুষ্ঠান...
Published on
Updated on

ডিজিটেল সংবাদ কাজিৰঙাঃ কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত দেশী-বিদেশী পৰ্যটকৰ মাজত সমাদৰ লাভ কৰি আহিছে থলুৱা সাজপাৰে ৷ বিশেষভাৱে জনগোষ্ঠীয় সাজপাৰৰ প্ৰতি আকৰ্ষণ আছে পৰ্যটকৰ মাজত ৷

এই ক্ষেত্ৰত সহজতে লাভ কৰা কাজিৰঙাৰ দাঁতি কাষৰীয়া কাৰ্বি আংলঙৰ মহিলাসকলে বয়ন শিল্পৰ যোগেদি উৎপাদিত ৰং বিৰঙৰ বস্ত্ৰই আকৰ্ষিত কৰে পৰ্যটকক৷ পৰ্যটকৰ আকৰ্ষণৰ ওপৰত নিৰ্ভৰ কৰি কাৰ্বি লোকসকলে বয়ন শিল্পৰ যোগেদি যাতে এখন বজাৰ লাভ কৰিব পাৰে তাৰ বাবে প্ৰদক্ষেপ গ্ৰহন কৰিছে বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা আৰণ্যকে ৷

ইয়াৰ অংশ হিচাবে বুধবাৰে কাজিৰঙাৰ কাৰ্বিআংলঙ জিলাৰ অন্তৰ্গত চন্দ্ৰসিং ৰংপি গাঁৱত আৰণ্যকৰ উদ্যোগত অনুষ্ঠিত হয় কাৰ্বি জনগোষ্ঠীৰ সাজপাৰৰ প্ৰদৰ্শনী আৰু প্ৰশিক্ষণ ৷ অনুষ্ঠানত শতাধিক কাৰ্বি মহিলাই অংশগ্ৰহণ কৰে ৷

অনুষ্ঠানটোৰ সম্পৰ্কত আৰণ্যকৰ ফালৰ পৰা সংবাদ মাধ্যমৰ আগত কয়, আমি এই অনুষ্ঠান কাৰ্বি গাওঁৰ লোকসকলৰ সহযোগিতাত অনুষ্ঠিত কৰিছো। আমাৰ প্ৰধান উদ্দেশ্য হ'ল তেওঁলোকে কি কি ডিজাইনৰ কাপোৰ বয় সেয়া পৰ্যবেক্ষণ কৰা।

ইয়াৰ বাবে এই অনুষ্ঠানত কেইবাজনো নিৰীক্ষক অনুষ্ঠানত উপস্থিত আছে। নিৰীক্ষকসকলে এই অনুষ্ঠানতে কাৰ্বি শিপিনীসকলে তৈয়াৰ কৰা কাপোৰবোৰ পৰীক্ষা কৰিব। তাৰ ভিতৰত কোনবোৰ কাপোৰে কাৰ্বি সংস্কৃতি ধৰি ৰাখিব পাৰিছে সেয়া বিচাৰি উলিওৱা হ'ব।

ইয়াৰ পাছত কোনবোৰ কাপোৰ বজাৰত ভাল দামত বিক্ৰী কৰি কৰিব পাৰি, আৰু যিসকল মহিলাই ভালকৈ কাপোৰ তৈয়াৰ কৰিব পাৰে তেওঁলোকক বিচাৰি উলিওৱা হ'ব এই প্ৰদৰ্শনীৰ জৰিয়তে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in