ডিজিটেল সংবাদ, গোলাঘাটঃ লখিমপুৰৰ নকল সোণৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তোলপাৰ লগোৱাৰ সময়তে এইবাৰ গোলাঘাট জিলাৰ বিভিন্ন স্থানত কুখ্যাত চক্ৰই নকল প্ৰসাধন সামগ্ৰীৰ ক'লা সাম্ৰাজ্য গঢ়ি তুলি ৰমৰমীয়া বেহা চলাই থকাৰ তথ্য উন্মোচিত হৈছে । অসম আৰক্ষী নাইবা প্ৰশাসনে এনে ক'লা বেহাৰ বিৰুদ্ধে অৱশ্যে চলোৱা নাই অভিযান। সুদূৰ বাংগালুৰুৰ পৰা আহি অভিযান চলাব লগীয়া হৈছে প্ৰসাধন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানে ।
বৃহস্পতিবাৰে বাংগালোৰৰ পৰা অহা হিন্দুস্তান ইউনিলিভাৰ কোম্পানীৰ এটা দলে গোলাঘাট আৰক্ষীৰ সহযোগত নকল প্ৰসাধন সামগ্ৰীৰ বিৰুদ্ধে নগৰৰ ৩ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান তথা গুদামত অভিযান চলায় । দলটোৱে গোলাঘাট নগৰৰ হিন্দী স্কুল ৰোড আৰু চ'ক বজাৰৰ তিনিখন প্ৰতিষ্ঠান ক্ৰমে হিন্দীস্কুল ৰোডৰ ৰাজিউৰ ৰহমানৰ "ৰহমান ষ্ট'ৰ", আমিৰ হুছেইনৰ "হেপি ষ্ট'ৰ" আৰু চক বজাৰৰ মালেক ষ্টৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনত অভিযান চলাই লেকমি আৰু ফেয়াৰ এণ্ড লভলীৰ নকল প্ৰসাধন সামগ্ৰী জব্দ কৰে ।
তিনিজনীয়া দলটোৱে নগৰখনৰ এই তিনি ব্যৱসায়ীৰ বিৰুদ্ধে ইতিমধ্যেই গ্ৰহণ কৰিছে আইনী পদক্ষেপ । দলটোৰ নেতৃত্বত আছিল নয়নতাৰা ডেমি নামৰ এগৰাকী মহিলা।ইতিমধ্যেই তিনি ব্যৱসায়ীক আটক কৰাৰ লগতে নকল সামগ্ৰীসমূহ জব্দ কৰিছে গোলাঘাট আৰক্ষীয়ে।
উল্লেখ্য যে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰক কেন্দ্ৰ কৰি হিন্দুস্তান ইউনিলিভাৰ কোম্পানী আৰু সুনাম থকা বিভিন্ন ব্ৰেণ্ডেড কোম্পানীৰ প্ৰসাধন সামগ্ৰীৰ এখন অবৈধ বজাৰ দীৰ্ঘদিন ধৰি গোলাঘাটৰ বিভিন্ন স্থানত চলি থকাৰ তথ্য লাভ কৰাৰ পাছতে উক্ত দলটোৱে এনেদৰে আকস্মিক অভিযান চলায়।
Also Read: ধেমাজি জিলা উপায়ুক্তৰ কাৰাগাৰ পৰিদৰ্শন...