কৃষি মন্ত্ৰীৰ সমষ্টিত কৃষকৰ হাহাকাৰ : ৰাসায়নিক সাৰৰ চিণ্ডিকেটত হতাশ কৃষক

কৃষি মন্ত্ৰীৰ সমষ্টিত কৃষকৰ হাহাকাৰ : ৰাসায়নিক সাৰৰ চিণ্ডিকেটত হতাশ কৃষক
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙাঃ কৃষি মন্ত্ৰীৰ সমষ্টিত কৃষকৰ হাহাকাৰ ৷ ৰাসায়নিক সাৰৰ চিণ্ডিকেটত হতাশ হৈছে কাজিৰঙাৰ কৃষক৷ ইউৰিয়া ৪৫ কেজিৰ বেগটোত ২৬৬ টকা দাম নিৰ্দ্ধাৰণ কৰাৰ পাছত কৃষকে দিৱ লাগে ৪০০ টকা, একেদৰে এম অ পি ৫০ কেজিৰ বেগটোত ১৭০০ নিৰ্ধাৰন কৰাৰ পাছত কৃষকে দিৱ লাগে ১৯০০ টকা। আনহাতে ডি এ পি ১৩৫০ টকা নিৰ্ধাৰণ কৰাৰ পাছত কৃষকে দিৱ লাগে ১৭৫০ টকা ৷

দাম নিয়ন্ত্ৰণ কৰিব নোৱাৰা, কৃষকৰ কথা নভৱা কৃষিমন্ত্ৰীক পদত্যাগ কৰাৰো দাবী কৃষিমন্ত্ৰীৰ সমষ্টিৰ কৃষকৰ৷ সাৰ চিণ্ডিকেটৰ অংশ কৃষিমন্ত্ৰীৰ জেপত সোমোৱাৰো অভিযোগ কৃষকৰ ৷

কৃষিক দেশৰ অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ অন্যতম চালিকা শক্তি বুলি কোৱা হয় ৷ কৃষিখণ্ডত বিভিন্ন সময়ত চৰকাৰে উন্নয়নমুলক আচঁনি ৰূপায়ন কৰিছে যদিও ই সকলো স্তৰৰ কৃষকৰ বাবে ফলপ্ৰসু হোৱা নাই ৷

আনহাতে ৰাজ্যখনত দ্ৰুতগতিত বৃদ্ধি পোৱা নিবনুৱা সমস্যাত জৰ্জৰিত বহু লোকে কৰ্ম সংস্থাপন বিছৰাৰ সময়তে কাজিৰঙাৰ একাংশ যুৱকে কৃষিকৰ্মত আগুৱাই আহি দেখুৱাইছে আদৰ্শ ৷ কিন্তু এতিয়া এইসকল কৃষক কৃষিকৰ্ম কৰি বিমোৰত পৰিছে ৷

কৃষি মন্ত্ৰীৰ সমষ্টিত কৃষকৰ হাহাকাৰ : ৰাসায়নিক সাৰৰ চিণ্ডিকেটত হতাশ কৃষক
চেপেনাকোবোৱা ৰাজহুৱা নাট্য মন্দিৰত শ্ৰী কৃষ্ণৰ ৰাসযাত্ৰাৰ প্ৰস্তুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in