কৃষি মন্ত্ৰীৰ সমষ্টিত কৃষকৰ দুৰৱস্থা : অতুল বৰাৰ ভূমিকাত ক্ষুব্ধ...

যি সময়ত আত্মনিৰ্ভৰশীল ভাৰত,পথাৰ আমাৰ- বজাৰ আমাৰ ইত্যাদি শ্লগান দিয়া হৈছে, সেই সময়তে কৃষি মন্ত্ৰীৰ সমষ্টিতে হতাশ হৈ পৰিছে কৃষকসকল
কৃষি মন্ত্ৰীৰ সমষ্টিত কৃষকৰ দুৰৱস্থা : অতুল বৰাৰ ভূমিকাত ক্ষুব্ধ...
Published on
Updated on

ডিজিটেল সংবাদ,কাজিৰঙা : নিজ সমষ্টিতে কৃষকৰ প্ৰত্যাহ্বানৰ সন্মুখীন বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা ৷ বোকাখাত সমষ্টিত কৃষকসকল উপকৃত হ'ব পৰাকৈ কাম নকৰাৰ অভিযোগ অতুল বৰা বিৰুদ্ধে ৷

কৃষি মন্ত্ৰীৰ সমষ্টিত একাংশ কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে । বানপানীয়ে জুৰুলা কৰা, শুৰপোকৰ অত্যাচাৰৰ পাছত এতিয়া পথাৰত পানী নথকাৰ ফলত চিৰাল ফাঁট মেলিছে ৷ উল্লেখযোগ্য যে ধানৰ গেৰ ধৰা সময়তে খেতিপথাৰৰ এনে অৱস্থাই বিমোৰত পেলাইছে কৃষকসকলক।

যি সময়ত আত্মনিৰ্ভৰশীল ভাৰত,পথাৰ আমাৰ- বজাৰ আমাৰ ইত্যাদি শ্লগান দিয়া হৈছে, সেই সময়তে কৃষি মন্ত্ৰীৰ নিজৰ সমষ্টিতে হতাশ হৈ পৰিছে কৃষকসকল ৷ পূৱ কাজিৰঙা গাওঁ পঞ্চায়তৰ অন্তৰ্গত জাপৰিপথাৰৰ ৯০% লোক কৃষিৰ ওপৰতে নিৰ্ভৰশীল ৷

কিন্তু এতিয়া কৃষিকাৰ্য্য কৰি হতাশ হ'বলগীয়া হৈছে দুৰ্ভগীয়া কৃষকসকল । গাঁৱখনৰ ৰাইজে কৃষি, জলসিঞ্চন বিভাগ কাৰো পৰা একোৱে সুবিধা লাভ কৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে ৷

মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ তালিকাৰ পৰাও কৰ্তন কৰা হৈছে কৃষকসকলৰ নাম ৷ বানপানীয়ে নষ্ট কৰা কৃষিকাৰ্য্যৰো আজিলৈকে নহ'ল ক্ষতিপূৰণৰ ব্যৱস্থা ৷

সততে কৃষি বিভাগৰ আঁচনিৰ সফল ৰূপায়নৰ কথা কৈ থকা অতুল বৰাক সমষ্টিবাসীৰ প্ৰত্যাহ্বান যে বোকাখাত সমষ্টিৰ ডিফলুপথাৰৰ ৰাইজক কৃষি বিভাগৰ তৰফৰ পৰা দিয়া আঁচনি ৰাজহুৱা কৰক ৷

কৃষি মন্ত্ৰীৰ সমষ্টিত কৃষকৰ দুৰৱস্থা : অতুল বৰাৰ ভূমিকাত ক্ষুব্ধ...
বেটে- বলে পৰাক্ৰম দেখুৱাই বাংলাদেশৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ দৰ্শনীয় জয় : মেচৰ শ্ৰেষ্ঠ ৰবিচন্দ্ৰণ অশ্বিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in