ডিজিটেল সংবাদ,কাজিৰঙা : তৃতীয় দিনাও অপৰিৱৰ্তীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি ৷ বানৰ সামান্তৰালকৈ তৎপৰতা বাঢ়িছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মীৰ ৷ ভদীয়া বানত প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৫০ শতাধিক এলেকা বৰ্তমান পানীৰ তলত ৷
আনহাতে শতাধিক বনশিবিৰৰ তলেৰে বাগৰিছে পানী ৷ ইয়াৰে ভিতৰত বাগৰি বনাঞ্চলত বানাক্ৰান্ত বন শিবিৰৰ সংখ্যা ২৩ টা ৷ যাৰবাবে বানাক্ৰান্ত বন্যপ্ৰাণীৰ বিপৰ্যয়ৰ সৃষ্টি হৈছে ৷
একাংশই ওখ স্থানত আশ্ৰয় লোৱাৰ বিপৰীতে আন একাংশই ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি ধাৱমান হৈছে কাৰ্বি পাহাৰৰ দিশে ৷ ৰাষ্ট্ৰীয় পথত বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে দিনে নিশাই সষ্টম হৈ আছে বনকৰ্মী ৷
তদুপৰি পৰিবহণ বিভাগে পথটোৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷ হালধিবাৰীত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি পাহাৰলৈ গতি কৰা হাতী আৰু অন্যান্য বন্যজন্তুক সুকলমে পথ অতিক্ৰম কৰাত সহায় আগবঢ়াইছে পৰিবহন বিভাগে ৷ বানৰ সুযোগ লৈ দুস্কৃতিকাৰীয়ে যাতে অঘটন সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ আছে বনকৰ্মী ৷
Also Read: ভাৰতৰ প্ৰতি বহিঃৰাষ্ট্ৰৰ মানুহৰ হ্ৰাস পাইছে আস্থা !