-
বোকাজান মহকুমাৰ ডিলাই আৰক্ষীৰ নাকা তালাচিত জব্দ হয় বৃহৎ পৰিমানৰ বিদেশী চিগাৰেট।
-
মণিপুৰৰ পৰা অহা UP 38 T 2354 নম্বৰৰ ট্ৰাকখনৰ গোপন কক্ষত লুকুৱাই সৰবৰাহৰ চেষ্টা চলাইছিল বিদেশী চিগাৰেটখিনি।
-
মণিপুৰৰ পৰা গুৱাহাটী নিয়াৰ পথত ডিলাইত আৰক্ষীয়ে ২৮কাৰ্টুন বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয় ।
-
জব্দকৃত চিগাৰেটখিনিৰ বজাৰ মূল্য অনুমানিক প্ৰায় ১০ লাখ বুলি জানিব পৰা গৈছে।
-
চিগাৰেট সহ গ্ৰেপ্তাৰ দুজন সৰবৰাহকাৰী ক্ৰমে মহম্মদ জাবেদ আৰু আনজন হ'ল স্বয়েব।
-
সৰবৰাহকাৰী দুজনৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে।
Also Read: নিপাহ ভাইৰাছত আক্ৰান্ত হৈ ১৪ বছৰীয়া কিশোৰৰ মৃত্যু...