ei muhurtar khabar
ei muhurtar khabar

বিশ্বনাথত বন বিভাগৰ অভিযান: হাটে-লোটে আটক ৫জন, পঢ়ক সবিশেষ

Published on

ডিজিটেল সংবাদ, কাজিৰঙাঃ বানত প্লাবিত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃৰ্ণ অঞ্চল ৷ যাৰ বাবে প্ৰাণৰ মমতাত উদ্যানখনৰ পৰা ওলাই আহি কাজিৰঙাৰ দাঁতিকাষৰীয়া ওখ ঠাইত আশ্ৰয় গ্ৰহন কৰিছে জীৱ-জন্তু সমূহে৷ বিশেষকৈ কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত আশ্ৰয় গ্ৰহন কৰা হৰিণা পহুৰ ওপৰত লুলুপ দৃষ্টি পৰিছে একাংশ মানৱতাহীন লোকৰ ৷ হৰিণা হত্যা কৰি ভক্ষন কৰিছে মাংস ৷

বিশ্বনাথৰ হেলেমত বন বিভাগে হৰিণাৰ মাংস বিক্ৰী কৰাৰ বিৰুদ্ধে চলালে এক অভিযান৷ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত "হাহৰা পথাৰ" গাঁৱত বন বিভাগে অভিযান চলাই হৰিণাৰ মাংসৰ সৈতে কৰায়ত্ত কৰিছে ৫জন লোকক৷ হৰিণাৰ কেঁচা মাংসৰ লগতে পাকঘৰত উদ্ধাৰ হৈছে হৰিণাৰ মাংসৰ আঞ্জা ৷

বন বিভাগে কৰায়ত্ত কৰা লোক কেইজন হৈছে সুনিল বৈদ্য, দিনু গৌড়, মহেশ গৌড়, ৰমেশ গৌড় আৰু বিজয় গৌড় ৷ কাজিৰঙাৰ অন্তৰ্গত গমিৰি ৰেঞ্জে চলাইছিল এই অভিযান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানৰ বাবে ওলাই অহা হৰিণা হত্যা কৰি মাংস ভাগ-বতৰোৱা কৰা হৈছিল "হাহৰা পথাৰ" গাঁৱত ৷ ইতিমধ্যে বিশ্বনাথৰ অপৰাধ অনুসন্ধান শাখাত ৰখা হৈছে লোক কেইজনক ৷ আনহাতে বানপানীত উটি অহা জীৱ-জন্তুক অনিষ্ট নকৰিবলৈ আহ্বান জনাইছে বন বিভাগে ৷ অন্যথা কঠোৰভাৱে আইনী ব্যৱস্থা গ্ৰহন কৰিব বন বিভাগে ৷

ei muhurtar khabar
অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰভাত চন্দ্ৰ ফুকনৰ বিয়োগ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in