কাজিৰঙাত তিনি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক বন আইন-ভাৰতীয় ন্যায় সংহিতাৰ কৰ্মশালা

কাজিৰঙা অধ্যয়ন চক্ৰ-বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ উদ্যোগ
কাজিৰঙাত তিনি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক বন আইন-ভাৰতীয় ন্যায় সংহিতাৰ কৰ্মশালা
কাজিৰঙাত তিনি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক বন আইন-ভাৰতীয় ন্যায় সংহিতাৰ কৰ্মশালা
Published on
Updated on

ডিজিটেল সংবাদ কাজিৰঙাঃ 'ঘৰখনৰ পৰাই আৰম্ভ হয় প্ৰথম শিক্ষা৷ প্ৰতিটো সন্তান ভাল হ’লেহে এখন সুস্থ সমাজ আশা কৰিব পাৰি৷ আনহাতে, সমাজৰ প্ৰতিগৰাকী ব্যক্তি ভাল হ’লেহে এখন দেশ ভাল হ’ব পাৰে৷ সেয়ে এখন ভাল, শিক্ষিত দেশৰ স্বাৰ্থত প্ৰতিগৰাকী ব্যক্তি সচেতন হ’ব লাগিব৷ বিশেষকৈ উঠি অহা প্ৰজন্ম সঠিক শিক্ষাৰে শিক্ষিত হ’ব হৈ দেশক প্ৰগতিৰ দিশত আগবঢ়াই নিব লাগিব৷'-- কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত আৰু বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ সহযোগত আজি আয়োজন কৰা এখন কৰ্মশালাত উপস্থিত থাকি এইদৰে কয় বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়াই৷

উল্লেখ্য যে শেহতীয়াকৈ উঠি অহা প্ৰজন্মৰ মাজত ড্ৰাগছৰ আসক্তৰ সাংঘাতিকভাৱে বৃদ্ধি পাই অহাৰ প্ৰতি লক্ষ্য ৰাখি আজি এদিনীয়াকৈ কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত আৰু বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ সহযোগত কাজিৰঙাৰ বৰগছ ৰিজৰ্টত অনুষ্ঠিত এখনি দিনজোৰা কৰ্মশালা৷ বিনামূলীয়া কৰ্মশালাটিত লগতে বন আইন, যুৱ উশৃংখলতা, ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আদি বিষয়কো অন্তৰ্ভুক্ত কৰা হয়৷

কৰ্মশালাত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়, বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয় আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই কৰ্মশালাৰ আঁত ধৰি কয় যে নজনাৰ দোষতে বহুজনে বিভিন্ন ভুল কৰে৷ সেয়ে প্ৰতিগৰাকী সচেতন নাগৰিকেই কিছু পৰিমাণে হ’লেও আইনৰ ধাৰা আৰু নিজৰ অধিকাৰসমূহ জনাটো অত্যন্ত প্ৰয়োজন৷

তেখেতে কয়, ১৮৬০ চনতে আৰম্ভ হোৱা ভাৰতীয় দণ্ডবিধি আইনৰ নাম শেহতীয়াকৈ সলনি কৰি চলিত বৰ্ষৰ ১ জুলাইৰ পৰা ভাৰতীয় ন্যায় সংহিতা কৰা হ’ল৷ এই বিষয়খিনি উঠি অহা প্ৰজন্মই জনা উচিত৷ আনহাতে, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ লগতে শেহতীয়াকৈ বৃদ্ধি পাই অহা যুৱ উচ্ছৃংখলতা যাতে উঠি অহা প্ৰজন্মৰ প্ৰতিনিধিসকল উটিভাঁহি যাবলগীয়া নহয়, তাৰ বাবেই এই কৰ্মশালাৰ যোগেদি কিছু জ্ঞান দিয়াৰ প্ৰয়াস কৰা হৈছে৷

কৰ্মশালাত আদৰণি ভাষণ আগবঢ়ায় বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ সভাপতি স্বপন নাথে৷ তেখেতে কয়, আজিৰ ছাত্ৰ কাইলৈ দেশৰ নাগৰিক৷ পূৰ্বতে চেকনীৰ আগত বিদ্যা আছিল, যুৱ উচ্ছৃংখলতাও সিমান নাছিল৷ আজি সেই পৰিৱেশ নাই৷ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকে শাসন কৰিব নোৱাৰে৷

ফলত, একাংশ ছাত্ৰ-ছাত্ৰী বিপথে পৰিচালিত হোৱাৰ উপক্ৰম ঘটিছে৷ ছাত্ৰ সমাজৰ পৰা উচ্ছৃংখলতা নাইকিয়া হ’লেই সমাজ আগবাঢ়ি যাব৷ সেয়ে ছাত্ৰ সমাজক সঠিককৈ আগবাঢ়ি যাবলৈ স্বপন নাথে আহ্বান জনায়৷

কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়াই ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাৰ পৰা আৰম্ভ কৰি পক্‌ছ’ আইন সম্বন্ধে আলোকপাত কৰে৷ আনহাতে, বিভিন্ন মাৰাত্মক গুটখা সেৱন কৰা, হেলমেট নোহোৱাকৈ মটৰ চাইকেল চলোৱা আদি বন্ধ কৰিবৰ বাবেও আহ্বান জনায়৷

আনহাতে, বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ সহযোগত অচিৰেই পথ সজাগতাৰ কাৰ্যসূচী হাতত লোৱা সম্বন্ধেও আৰক্ষী বিষয়াগৰাকীয়ে ঘোষণা কৰে৷ তেখেতে বিভিন্ন অভিজ্ঞতা সম্বন্ধে ছাত্ৰ-ছাত্ৰীৰ সৈতে আলোচনা কৰাৰ লগতে ম’বলিঞ্চঙৰ বিষয়বোৰৰ পৰা আঁতৰি থাকিবলৈয়ো আহ্বান জনাই কৰ্মশালাৰ প্ৰথম ভাগ সামৰে৷ বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ সম্পাদক হোমেন গগৈ, কিষাণ ছেত্ৰী, সাংগঠনিক সম্পাদক চন্দন নাথ, কাৰ্যকৰী সদস্য শৈলেন ডেকা, ৰাজু হুচেইনৰ লগতে কাজিৰঙা অধ্যয়ন চক্ৰৰ বিভিন্নগৰাকী কৰ্মকৰ্তা উপস্থিত থকা অনুষ্ঠানত চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ শিক্ষক অচ্যুত শৰ্মা হাজৰিকা, চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ লাইব্ৰেৰীয়ান প্ৰাঞ্জল ডেকা আৰু বৰগছ ৰিজ'ৰ্টৰ মহা প্ৰবন্ধক চন্দনসেন দহোটীয়াক উদ্যোক্তাৰ তৰফৰ পৰা সম্ভাষণ জনোৱা হয়৷

এই তিনিওগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বিভিন্ন প্ৰেৰণাদায়ক বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানৰ দ্বিতীয় পৰ্বত পূৱ-অসম বন্যপ্ৰাণী প্ৰাধিকাৰী অৰুণ ভিগনেছ সমল ব্যক্তি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক বন আইন সম্বন্ধে বিভিন্ন তথ্য প্ৰদান কৰে৷ ভাৰতীয় বন সেৱাৰ বিষয়া গৰাকীয়ে নিজৰ অধ্যৱসায় সম্বন্ধে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি প্ৰেৰণামূলক বক্তব্য আগবঢ়োৱাৰ লগতে অসমৰ বন আইন, বন্যপ্ৰাণী সংৰক্ষণ আইন, ১৯৭২ সম্বন্ধে বিভিন্ন তথ্য উল্লেখ কৰে৷ তেখেতে ছাত্ৰ-ছাত্ৰীসকলৰ স’তে বিভিন্ন মত বিনিময় কৰে৷

কাজিৰঙাত তিনি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক বন আইন-ভাৰতীয় ন্যায় সংহিতাৰ কৰ্মশালা
নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in