ৰঙামাটিত টোলগেটৰ বিৰুদ্ধে প্ৰতিবাদ...

ৰঙামাটিত টোলগেটৰ বিৰুদ্ধে প্ৰতিবাদ...
Published on
Updated on

ডিজিটেল সংবাদ, গোলাঘাটঃ সৰ্বসাধাৰণ জনতাৰ পিঠিত মাধমাৰ সোধাই ৰাজ্যত আকৌ নতুনকৈ স্থাপন হ’ব ১৮খন টোলগেট। ইয়াৰ লগে লগে ৰাজ্যত টোলগেটৰ সংখ্যা বৃদ্ধি পাব ২৭খনলৈ। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে ইতিমধ্যে গোলাঘাট জিলাত নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে ৰঙাজান আৰু ৰঙামাটি টোলগেট।

এই টোলগেটক লৈ ইতিমধ্যে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। গোলাঘাট জিলাত ৬০ কিলোমিটাৰ ব্যৱধান ভিতৰত দুখনকৈ টোলগেট স্থাপনৰ কাম সম্পূৰ্ণ কৰি পুনৰ মেৰাপানীত নতুনকৈ টোলগেট নিৰ্মাণ হ'ব বুলি চৰ্চা চলিছে। ইয়াক লৈ সদৌ অসম ছাত্ৰ সন্থা, অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে টোলগেট বিৰোধী প্ৰতিবাদ অব্যাহত ৰাখিছে। শুকুৰবাৰেও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙামাটিত নৱনিৰ্মিত টোল গেটত ছাত্ৰ সন্থা আৰু অনুসূচীত জাতি ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে।

ৰঙামাটিত টোলগেটৰ বিৰুদ্ধে প্ৰতিবাদ...
মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ৪৫ সংখ্যক বৰ্ষপূৰ্তিঃ ১০ লাখ টকাৰ আৰ্থিক সাহাৰ্য কেন্দ্ৰীয় মন্ত্ৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in