ডিজিটেল সংবাদ, নুমলীগড়: গোলাঘাট বন সংমণ্ডলৰ অধীনৰ আৰু মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত নামবৰ দৈগ্ৰোং সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যত আজৱ কাণ্ড৷
বাঘ ধৰিবলৈ নহয় হাতী ধৰিবলৈ বনাইছে গড়াল ৷ লাখ লাখ টকা ব্যয় কৰি গোলাঘাটৰ বন সংমণ্ডল বিষয়াৰ এই কাণ্ড ৷
আনহাতে গড়াল নিৰ্মাণৰ ধন উদৰ পুৰাই খোৱাৰ অভিযোগ উঠিছে মুৰফুলনী খণ্ড বন বিষয়া চৰিফুৰ ৰহমানৰ বিৰুদ্ধে ৷ হাতী ধৰি পিঞ্জৰাবদ্ধ কৰি ৰাইজক হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ দিবৰ বাবে কৌশল অবলম্বন বনবিভাগৰ ৷
যাৰ বাবে অঞ্চটোৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বন বিভাগৰ এনে কাণ্ডই প্ৰকৃততে বন বিভাগে যে ৰাইজক আভুৱা ভৰাৰ কৌশল অবলম্বন কৰিছে সেয়াহে প্ৰকাশ পাইছে বুলি মত প্ৰকাশ স্থানীয় ৰাইজৰ৷
Also Read: প্ৰসংগ, দেশৰ অন্ন আঁচনি : অনাহাৰত মৃত্যু হৈছেনে ?