ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ মৰঙি স্বাস্থ্য খণ্ডৰ অধীনৰ ৩নং ভোলাগুৰি গাঁৱত ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে ৷ গাওঁখনৰ এগৰাকী ১২ বছৰীয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগত ৷
বৰপথাৰ চুকলি গাঁৱত আত্মীয়ৰ ঘৰত ফুৰিবলৈ গৈ অসুস্থ হৈ পৰে কিশোৰীগৰাকী ৷ পৰীক্ষা নিৰীক্ষাৰ অন্তত ছাত্ৰীগৰাকীৰ দেহত ধৰা পৰে জাপানীজ এনকেফেলাইটিছ ৷ যাৰ বাবে আতংকিত হৈ পৰে গাঁওবাসী।
উল্লেখ্য যে, গাঁওখনত স্বাস্থ্য বিভাগৰ পৰা প্ৰতিটো পৰিয়ালৰ আঠুৱাসমূহ ঔষধিকৰণৰ ব্যৱস্থা কৰা হৈছে ৷ আনহাতে ছাত্ৰীগৰাকী গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ ক্ৰিটিকেল কেয়াৰত চিকিৎসাধীন হৈ আছে।
Also Read: নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্যঃ সালসলনি হ'ব মন্ত্ৰীসভাৰ...