গোলাঘাটত লোমহৰ্ষক ঘটনাঃ পিতৃ-মাতৃ আৰু কন্যাক দিন-দুপৰতে হত্যা

গোলাঘাটৰ হিন্দী স্কুল ৰোডত সংঘটিত হৈছে লোমহৰ্ষক ঘটনা। একেটা পৰিয়ালৰে ৩গৰাকী সদস্যক নৃশংসভাৱে হত্যা কৰিলে দুৰ্বৃত্তই।

author-image
Asomiya Pratidin
New Update
গোলাঘাটত লোমহৰ্ষক ঘটনাঃ পিতৃ-মাতৃ আৰু কন্যাক দিন-দুপৰতে হত্যা

ডিজিটেল ডেস্কঃ গোলাঘাটৰ হিন্দী স্কুল ৰোডত সংঘটিত হৈছে লোমহৰ্ষক ঘটনা। একেটা পৰিয়ালৰে ৩গৰাকী সদস্যক নৃশংসভাৱে হত্যা কৰিলে দুৰ্বৃত্তই। ঘৰৰ ভিতৰৰ পৰা নিথৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে তিনিওগৰাকীৰে মৃতদেহ।

নিহতলোককেইজন ক্ৰমে সঞ্জীৱ ঘোষ, জুনু ঘোষ আৰু সংঘমিত্রা ঘোষ। দিন-দুপৰতে চোকা অস্ত্রৰে তিনিওকে হত্যা কৰে দুৰ্বৃত্তই। উল্লেখ্য মৃত লোককেইজন পিতৃ-মাতৃ আৰু কন্যা। ঘটনাক লৈ সমগ্র গোলাঘাটত এতিয়া তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য নাজিবুৰ ৰহমান নামৰ এজন লোকৰ বিৰুদ্ধে হত্যাৰ সন্দেহ স্থানীয় লোকৰ।

জানিব পৰা মতে কিছুদিন পূৰ্বে নাজিবুৰে সংঘমিত্রা ঘোষক বিয়া কৰাইছিল। বিয়াৰ পিছৰে পৰা সংঘমিত্রাৰে সংঘাতত লিপ্ত হৈছিল নাজিবুৰ। যাৰ বাবে নাজিবুৰ ওপৰত সন্দেহৰ দৃষ্টি স্থানীয় ৰাইজৰ। ইপিনে সংঘমিত্রা ঘোষৰ ৯ মহীয়া শিশুটিও সন্ধানহীন অৱস্থাত। সেই অনুসৰিও নাজিবুৰৰ ওপৰতেই চোকা দৃষ্টি স্থানীয় বাসিন্দাৰ।

Also Read: টুইটাৰৰ পৰা উৰি যাব নীলা চৰাই...

Assam police