ডিজিটেল ডেস্কঃ গোলাঘাটত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডক লৈ উত্তপ্ত হৈ পৰিছে গোলাঘাট সদৰ থানা। গোলাঘাট সদৰ থানাৰ বাহিৰত একাংশ লোকে এই হত্যাকাণ্ডত জড়িত দোষীক কঠোৰ শাস্তিৰ দাবীৰে ধৰ্ণা দিয়াৰ লগতে আৰক্ষীৰে সৈতে হতাহতিৰো সৃষ্টি হয়।
আৰক্ষী থানাখনৰ সন্মুখত ধৰ্ণাত লিপ্ত হোৱা লোকসকল উত্তেজিত হৈ সদৰ থানাৰ মূল প্ৰৱেশদ্বাৰ ভাঙি প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাক কেন্দ্ৰ কৰি আৰক্ষীৰে হতাহতিত লিপ্ত হয়। ফলস্বৰূপে আৰক্ষীয়ে এই লোকসকলত ছত্ৰ ভংগ দিয়াবলৈ লাঠি চালনা কৰে।
ইফালে উত্তেজিত লোকসকলে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰো অভিযোগ উঠিছে। উল্লেখ্য যে, গোলাঘাটৰ হিন্দী স্কুল ৰোডত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড।
একেটা পৰিয়ালৰে ৩গৰাকী সদস্যক নৃশংসভাৱে হত্যা কৰিছিল দুৰ্বৃত্তই। ইয়াৰ পিছত ঘৰৰ ভিতৰৰ পৰা নিথৰ অৱস্থাত উদ্ধাৰ কৰা হৈছিল তিনিওগৰাকীৰে মৃতদেহ।
নিহত লোক কেইজন আছিল ক্ৰমে সঞ্জীৱ ঘোষ, জুনু ঘোষ আৰু সংঘমিত্রা ঘোষ। দিন-দুপৰতে চোকা অস্ত্রৰে তিনিওকে হত্যা কৰিছিল দুৰ্বৃত্তই। নিহত তিনিওজন আছিল সম্পৰ্কত পিতৃ-মাতৃ আৰু কন্যা।
এই ঘটনাক লৈ সমগ্র গোলাঘাটত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছিল। ঘটনাৰ কিছু সময়ৰ পাছতে এই হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হোৱা নাজিবুৰ ৰহমান নামৰ লোকজনে গোলাঘাট সদৰ থানাত আত্মসমৰ্পণ কৰিছিল। তেওঁ লগত লৈ আনিছিল নিজৰ ৯ মহীয়া শিশুটি।
উল্লেখ্য যে, কিছুদিন পূৰ্বে নাজিবুৰে সংঘমিত্রা ঘোষক বিয়া কৰাইছিল। বিয়াৰ পিছৰে পৰা সংঘমিত্রাৰে সংঘাতত লিপ্ত হৈছিল নাজিবুৰ। হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছত সংঘমিত্রা ঘোষৰ ৯ মহীয়া শিশুটিও সন্ধানহীন অৱস্থাত আছিল।
সেয়েহে এই হত্যাকাণ্ড নাজিবুৰে সংঘটিত কৰা বুলি স্থানীয় লোকসকল প্ৰায় নিশ্চিত হৈছিল। পৰৱৰ্তী সময়ত নাজিবুৰে আত্মসমৰ্পণ কৰাত নাজিবুৰৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী তুলিছে স্থানীয় ৰাইজে।
Also Read: গোলাঘাটত লোমহৰ্ষক ঘটনাঃ পিতৃ-মাতৃ আৰু কন্যাক দিন-দুপৰতে হত্যা