গোলাঘাট হত্যাকাণ্ড : ১০ দিনৰ আৰক্ষীৰ জিম্মাত অভিযুক্ত নাজিবুৰ,প্ৰতিবাদত বন্ধ দোকান-বজাৰ

গোলাঘাট হত্যাকাণ্ড : ১০ দিনৰ আৰক্ষীৰ জিম্মাত অভিযুক্ত নাজিবুৰ,প্ৰতিবাদত বন্ধ দোকান-বজাৰ
Published on
Updated on

ডিজিটেল সংবাদ,গোলাঘাট : এটা নৰপিশাচৰ নৃসংশতাৰ বলি হৈ মৃত্যুক আকোৱালি লোৱা গোলাঘাট চহৰৰ সঞ্জীৱ ঘোষ, জুনু ঘোষ আৰু সংঘমিত্ৰা ঘোষৰ চিতাত অগ্নি সংযোগ কৰি হিয়া ঢাকুৰি কান্দি উঠে সঞ্জীৱ আৰু জুনু ঘোষৰ কনিষ্ঠা কন্যা তথা সংঘমিত্ৰাৰ ভগ্নী অংকিতা ঘোষে। মঙলবাৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাচতে কেউটা মৃতদেহ হিন্দী স্কুল ৰোডলৈ অনা হয়।

ইয়াৰ পিচতে চহৰৰ মাৰোৱাৰী শ্মশানত এক শোকাকুল পৰিৱেশত শেষকৃত সম্পন্ন কৰা হয়। শেষকৃত সম্পন্ন হোৱাৰ পিচত অংকিতাই সংবাদ মাধ্যমৰ আগত কয় যে নাজিবুৰে ড্ৰাগছৰ ব্যৱসায়ত জড়িত আৰু এই সৰ্ম্পকত তেওঁ আৰক্ষীকে ধৰি সংশ্লিষ্ট পক্ষক বহু অভিযোগ দিছিল যদিও তেওঁ কোনো ন্যায় নাপালে। অন্যহাতে সোমবাৰৰ এই নৃশংস ঘটনাত নাজিবুৰৰ মাক দেউতাক আৰু পৰিয়ালৰ অন্যান্য লোকো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে।

অন্যহাতে উক্ত দিনাৰ এই নৃশংস হত্যাকাণ্ডৰ পাছতেই চৌদিশে উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতি আজিও অব্যাহত আছে। প্ৰসঙ্গ ক্ৰমে উল্লেখ কৰিব পাৰি যে সোমবাৰৰ এই হত্যাকাণ্ডৰ প্ৰতিবাদত আৰু হত্যাকাৰীক ফাঁচী দিয়াৰ দাবীত বিশ্ব হিন্দু পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে আজি পুৱা ৫বজাৰ পৰা বিয়লি ৫ বজালৈ ১২ঘণ্টীয়া গোলাঘাট জিলা বন্ধৰ আহ্বান দিছিল। অৱশ্যে নিশালৈ প্ৰশাসনৰ লগত হোৱা আলোচনামৰ্মে বন্ধ প্ৰত্যাহাৰ কৰা হয়।

কিন্ত বন্ধ প্ৰত্যাহাৰ কৰা স্বতেও আজি চহৰখনৰ দোকান-বজাৰ স্বতস্ফুতভাৱে বন্ধ ৰাখি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে আজি আৰক্ষী আৰু চি আই ডিৰ দলে কটকতীয়া নিৰাপত্তাৰ মাজত অভিযুক্ত নাজিবুৰক লগত লৈ হত্যাৰ বলি হোৱা সংঘমিত্ৰাৰ ঘৰলৈ যায়।

অভিযুক্ত নাজিবুৰে দেখুৱাই দিয়া মতে দলটোৱে ঘটনাস্থলী কোঠাটোৰ এটা আলমাৰিৰ তলৰ পৰা তেজ লাগি থকা দা এখন উদ্ধাৰ কৰে। অন্যহাতে ফৰেনচিক দলেও ঘটনাস্থলী তন্ন-তন্ন কৈ পৰীক্ষা কৰি তথ্য প্ৰমাণ সংগ্ৰহ কৰে।

তদন্তৰ কালত আৰক্ষীয়ে ডগ স্কোৱাডো ব্যৱহাৰ কৰে। উল্লেখ্য যে গোলাঘাট চহৰৰ নিকটৱৰ্তী ফৰেষ্ট গে'ট অঞ্চলৰ বাসিন্দা নাজিবুৰে ২০২০ চনতে চহৰৰ হিন্দী স্কুল ৰোড নিৱাসী সঞ্জীৱ ঘোষ আৰ জুনু ঘোষৰ কন্যা সংঘমিত্ৰাৰ লগত ফেচবুকযোগে চিনাকী হৈ নিজৰ প্ৰেমৰ জালত আৱদ্ধ কৰিছিল।

সংঘমিত্ৰাৰ ভগ্নী অংকিতাৰ ভাষ্য অনুসৰি ৰিমন বৰুৱা ভুৱা নামেৰে পৰিচয় দি নাজিবুৰে অংকিতাক প্ৰেমৰ জালত আবদ্ধ কৰাৰ পিচত এবাৰ পৰীক্ষা দিবলৈ যাওতেই নাজিবুৰে সংঘমিত্ৰাক কলকতালৈ পলুৱাই লৈ গৈছিল।

কলকাতাতে সংঘমিত্ৰাক নাজিবুৰে কৌশলেৰে ড্ৰাগছ আসক্ত কৰি পেলাইছিল। পাচত আৰক্ষীৰ সহায়ত দুয়োকে কলকতাৰ পৰা উদ্ধাৰ কৰি গোলাঘাটলৈ অনা হৈছিল আৰু সংঘমিত্ৰাৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত নাজিবুৰক জেললৈ প্ৰেৰণ কৰা হৈছিল।

ইয়াৰ পিচত সংঘমিত্ৰা ড্ৰাগছ আসক্ত হৈ পৰাত তেওঁৰ মাতৃয়ে তেওঁৰ বিৰুদ্ধে এটা চুৰিৰ গোচৰ পঞ্জীয়ন কৰাত সংঘমিত্ৰায়ো কেইদিনমান জেলৰ ভাত খাবলগীয়া হৈছিল বুলি ভগ্নীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। জেলৰ পৰা মুকলি হৈ সংঘমিত্ৰাই নিজৰ কনমানি সন্তানসহ মাতৃগৃহত থাকিবলৈ লৈছিল যদিও প্ৰায়ে নাজিবুৰ তেওলোকৰ ঘৰলৈ আহি কাজিয়াৰ সৃষ্টি কৰিছিল।

এনেবোৰ ঘটনাৰ মাজতে দুয়োপক্ষই উভয়ৰে বিৰুদ্ধে কেইবাটাও গোচৰ পঞ্জীয়ন কৰে। এই গোচৰসমূহ চলি থকাৰ সময়তে সোমবাৰে নাজিবুৰে সংঘমিত্ৰাৰ ঘৰত উপস্থিত হৈ নৃশংস ঘটনাটো সংঘটিত কৰে।

ইফালে মৃত সংঘমিত্ৰাৰ ভগ্নী অংকৃতাই আজি দোহাৰি কয় যে ২০২০ চনৰ পৰাই নাজিবুৰে ছলে-বলে কৌশলেৰে সংঘমিত্ৰাক প্ৰলোভিত কৰি আহিছিল আৰু তাইক পলুৱাই নি ড্ৰাগছ আসক্ত কৰি তুলিছিল। ইফালে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুস্কিন জৈনে কয় যে, অভিযুক্ত নাজিবুৰে ইতিমধ্যে তেওঁৰ অপৰাধ স্বীকাৰ কৰিছে। আজি আৰক্ষীয়ে নাজিবুৰক আদালতত হাজিৰ কৰাৰ পিচত আৰক্ষীয়ে তেওঁক ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

গোলাঘাট হত্যাকাণ্ড : ১০ দিনৰ আৰক্ষীৰ জিম্মাত অভিযুক্ত নাজিবুৰ,প্ৰতিবাদত বন্ধ দোকান-বজাৰ
নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ বিৰোধিতাৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in