পুত্ৰৰ মৃত্যুৰ বাতৰি সহ্য কৰিব নোৱাৰি ইহ সংসাৰ ত্যাগ কৰিলে মাতৃয়ে...

পুত্ৰৰ মৃত্যুৰ বাতৰি সহ্য কৰিব নোৱাৰি ইহ সংসাৰ ত্যাগ কৰিলে মাতৃয়ে...

author-image
Asomiya Pratidin
New Update
পুত্ৰৰ মৃত্যুৰ বাতৰি সহ্য কৰিব নোৱাৰি ইহ সংসাৰ ত্যাগ কৰিলে মাতৃয়ে...

ডিজিটেল ডেস্কঃ গোলাঘাট জিলাৰ খুমটাইত সংঘটিত হৈছে এক শোকাবহ ঘটনা ৷ পথ দুৰ্ঘটনাত পুত্ৰৰ মৃত্যুৰ খবৰ পাই মৃত্যু ঘটিল মাতৃৰো ৷ বৃহস্পতিবাৰে নিশা খুমটাইৰ কচুপথাৰৰ ধোদৰআলিত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল ঠেঙালগাঁৱৰ যুৱক ৰাহুল ঠেঙাল(ডিম্বেশ্বৰ) ৷

৩৩ বছৰীয়া পুত্ৰৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই শুকুৰবাৰে পুৱাই ইহসংসাৰ ত্যাগ কৰে মাতৃ জানকী ঠেঙালে । পুত্ৰৰ অকস্মাৎ মৃত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি মাতৃৰ মৃত্যু হোৱা শোকাবহ ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ।

Also Read: দিপাৱলীত ব্যৱহাৰ কৰা কলগছ সংগ্ৰহ কৰিব GMCয়ে, হাতীৰ খাদ্যৰ বাবে দিব বন বিভাগক