শিল-বৰষুণৰ ফলত ক্ষতিগ্ৰস্থ গোলাঘাটৰ বিভিন্ন অঞ্চল...

বাৰিষাৰ আগমনৰ জাননী দিছে বতৰে। তেনে সময়তে গোলাঘাটত আজি শিল-বৰষুণ হোৱাৰ পৰিলক্ষিত হয়।

author-image
Asomiya Pratidin
New Update
শিল-বৰষুণৰ ফলত ক্ষতিগ্ৰস্থ গোলাঘাটৰ বিভিন্ন অঞ্চল...

ডিজিটেল, সংবাদ গোলাঘাট: ৰাজ্যত শেহতীয়াকৈ ঠাইয়ে ঠাইয়ে বৰষুণ হোৱা পৰিলক্ষিত হৈছে। বাৰিষাৰ আগমনৰ জাননী দিছে বতৰে। তেনে সময়তে গোলাঘাটত আজি শিল-বৰষুণ হোৱাৰ পৰিলক্ষিত হয়।

দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাৰ বেদনাত ভোগা গোলাঘাট নগৰৰ নিকটৱৰ্ত্তী অঞ্চল পদূমণি, বগৰীজেং, নৰাকোঁৱৰ আদি গাঁৱত শিলাবৃষ্টি। বুধবাৰে বিয়লি বৰষুণৰ লগতে প্ৰচণ্ড ধুমুহাই কোবাই যায় বৃহত্তৰ অঞ্চলটোক। প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত অঞ্চলটোৰ ব্যাপক ক্ষতি সাধন হয়।

এই ধুমুহা আৰু শিলাবৰ্ষণৰ ফলত উক্ত অঞ্চল সমূহৰ বহু বাসিন্দাৰ ঘৰৰ টিং, মূধচ, বেৰ ইত্যাদি খহি পৰে। শিল বৰষুণ জাকে ৰাইজৰ খেতি পথাৰৰ ফচলৰো ক্ষতি সাধন কৰে। এনে অনাকাংক্ষিত পৰিবেশৰ সন্মুখীন হৈ ৰাইজ বাৰুকৈয়ে বিপাঙত পৰিছে।

Also Read: অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত "বিশ্ব জল দিৱস" পালন

golaghat administration