ডিজিটেল সংবাদ, নুমলীগড় : লেটেকুজান চাহ বাগিছাত বন্যহস্তীৰ বিচৰণ। হাতীৰ বাবেই বিপদত চাহ শ্ৰমিক। ভাঙি লণ্ড-ভণ্ড কৰিছে চাহ শ্ৰমিকৰ সামগ্ৰী। নুমলীগড় মৰঙিৰ জনাঞ্চলত নিতৌ বন্যহস্তীৰ বিচৰণে আতংকিত কৰিছে চাহ শ্ৰমিকক। এখন চাহ বাগিচাৰ পৰা আন এখন চাহ বাগিচালৈ ঢাপলি মেলিছে বনৰীয়া হাতীয়ে।
হাতীজাকৰ বাবেই এতিয়া ৰাইজে বাগিচাত কাম কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈছে। সমান্তৰালকৈ বাগিছাৰ মাজেৰে পাৰ হোৱা ঘাইপথছোৱাত যিকোনো সময়তে ইপাৰ সিপাৰ হয় বন্যহস্তী। ফলত প্ৰায়েই বিপদত পৰে শ্ৰমিকৰ লগতে পথাচাৰী তথা যানবাহন সমূহ। সেয়েহে বনবিভাগক ব্যৱস্থা গ্ৰহণৰ কাতৰ আহ্বান স্থানীয় ৰাইজ ও চাহ শ্ৰমিকৰ।
Also Read: ৰাজ্যত বানৰ তাণ্ডৱ: উটুৱাই নিলে পকী দলং...