ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাট জিলাৰ বৰপথাৰৰ টেঙানিৰ ১নং কেকুৰী গাঁৱত এটা নাহৰফুটুকী বাঘক হানিখুচি হত্যা কৰে স্থানীয় লোকে। তদুপৰি বাঘটোৰ বিভিন্ন অংগ কাটি নি মাংস ভক্ষণ কৰে। আৰু এই অপৰাধত বন বিভাগে অঞ্চলটোৰ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷
উল্লেখ্য যে, এই সংক্ৰান্তত আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। ঘটনানুসৰি শুকুৰবাৰে টেঙানীৰ ১ নং কেকুৰী গাঁৱত এটা নাহৰফুটুকী বাঘে আক্ৰমণ কৰিছিল এগৰাকী গৰ্ভৱতী মহিলাকে ধৰি মুঠ তিনিজন লোকক। আৰু এই ক্ষোভতেই গাওঁখনৰ স্থানীয়লোকে নাহৰফুটুকীটো নিধন কৰি বিভিন্ন অংগ কাটি নিয়াৰ লগতে বহুলোকে মাংস ভক্ষণ কৰে ।
আনহাতে অৱশিষ্ট মাংস খিনি গাঁত খান্দি পুতি থয় ৷ পিছে বৰপথাৰৰ বন বিভাগে ঘটনাৰ বিষয়ে জানিব পাৰি আৰক্ষীৰ সহায়ত বাঘটোৰ অৱশিষ্ট দেহটো গাতৰ পৰা উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ আৰু নিশাই ঘটনাটোৰ লগত জড়িত তিনিজন লোকক আটক কৰে ৷ আজিও বন বিভাগে ঘটনাৰে জড়িত আন এজন লোকক আটক কৰে৷
বৰপথাৰৰ খণ্ড বনবিষয়া ৰাজীৱ কাকতি নেতৃত্বত বন বিভাগ আৰু বৰপথাৰ আৰক্ষীৰ যুটীয়া অভিযানত টেঙাণীৰ পৰা গ্ৰেপ্তাৰ লোক চাৰিজন হৈছে টেঙাণী দিঘলী মাজ গাঁৱৰ চন্দ্ৰ দাস(৫০), একে গাৱঁৰে গজেন দাস (৪৭), দিগন্ত বৰা(২০) আৰু এক নং কেকুৰী গাঁৱৰ ৰতন গগৈৰ পুত্ৰ কন্টু গগৈ (৪২)। চাৰিজও জন লোকক গ্ৰেপ্তাৰ কৰি বনবিভাগৰ লোকে জেৰা অব্যাহত ৰাখিছে ।
আটকাধীন লোক কেইজনৰ পৰা নাহৰফুটুকী বাঘৰ দাঁত, নখ, ছাল, সহ এখন দা জব্দ কৰিছে আৰক্ষীয়ে ৷ অন্যহাত বন বিভাগ আৰু আৰক্ষীৰ অভিযানৰ খবৰ পাই গাঁৱৰ বহুলোকে বাঘটো হত্যা কৰি লৈ যোৱা মাংসৰ লগতে বিভিন্ন অংগ এতিয়া য'তে ত'তে পেলোৱাৰ পৰিলক্ষিত হৈছে৷ উল্লেখ যোগ্য যে, গজেন দাস নামৰ এজন লোকে নিশা সুৰাৰ লগত বাঘটোৰ কলিজা ভাজি খোৱাৰ কথা সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে৷
Also Read: ভাল খবৰ: আন্ত:ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতালৈ অসমৰ দুই যুৱক...