পত্নী, শহুৰেক, শাহুৱেকক হত্যাঃ ঘটনাৰ ৮৭ দিন পাছত আৰক্ষীয়ে দাখিল কৰিলে চাৰ্জশ্বীট

পত্নী, শহুৰেক, শাহুেৱকক হত্যাঃ ঘটনাৰ ৮৭ দিন পাছত আৰক্ষীয়ে দাখিল কৰিলে চাৰ্জশ্বীট
পত্নী, শহুৰেক, শাহুেৱকক হত্যাঃ ঘটনাৰ ৮৭ দিন পাছত আৰক্ষীয়ে দাখিল কৰিলে চাৰ্জশ্বীট
Published on
Updated on

ডিজিটেল সংবাদ, গোলাঘাটতঃ যোৱা ২৪ জূলাইত গোলাঘাটত সংঘটিত হোৱা ট্ৰিপল মাৰ্ডাৰৰ বৃহস্পতিবাৰে চাৰ্জশ্বীট দাখিল কৰে আৰক্ষীয়ে। সম্পূৰ্ণ ৮৭ দিনৰ অন্তত আজি গোলাঘাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰে গোলাঘাটৰ সেই ৰাজ্য কপোৱা নৃশংস হত্যাকাণ্ডৰ অভিযোগনামা ।

মুঠ ৪২ পৃষ্ঠাৰ চাৰ্জশ্বীটত আছে গোচৰটোৰ সম্পূৰ্ণ অভিযোগ আৰু মুঠ ৪৮ গৰাকী সাক্ষীৰে ভাষ্য। ৰাজ্যৰ অতিৰিক্ত মহাধিবক্তাক গোচৰৰ বিশেষ চৰকাৰী অধিবক্তা হিচাপে নিয়োজিত কৰিবলৈ গোলাঘাট আৰক্ষীৰ ইতিমধ্যে প্ৰস্তুতি চলোৱা বুলিও জানিব পৰা গৈছে।

আজি সন্ধিয়া গোলাঘাটত এক সংবাদমেল সম্বোধন কৰি এই সম্পৰ্কত সমগ্ৰ তথ্য দিয়ে গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে।

উল্লেখ্য যে যোৱা ২৪ জুলাইত গোলাঘাটৰ হিন্দীস্কুল ৰোডত সংঘটিত হৈছিল চাঞ্চল্যকৰ হত্যাকাণ্ড। নাজিবুৰ ৰহমান নামৰ যুৱকজনে দিন দুপৰতে ঘৰত প্ৰৱেশ কৰি দাৰে ঘপিয়াই হত্যা কৰিছিল তেওঁৰ পত্নী সংঘমিত্ৰা ঘোষ, শহুৰেক সঞ্জীৱ ঘোষ আৰু শাহুয়েক ঝুনু ঘোষক।

ঘটনা সংঘটিত কৰা ডেৰ ঘন্টাৰ পাছতেই কোলাত ৯ মহীয়া সন্তান লৈ গোলাঘাট আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছিল মূল অভিযুক্ত নাজিবুৰ ৰহমানে।তাৰ পাছতেই ঘটনাত নাজিবুৰক সহযোগ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল নাজিবুৰৰ মাতৃ চালেহা বেগম আৰু ভাতৃ হিবজুৰ ৰহমানৰ।

সেই সময়ত সমগ্ৰ ৰাজ্য জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছিল গোলাঘাটৰ তদনীন্তন আৰক্ষী অধীক্ষকে।আজি সংবাদ মেলত আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে যে SIT, CID, অসম আৰক্ষী মুখ্যালয়,আৰু Central Range ৰ IGP ৰ সহযোগত প্ৰস্তুত কৰা হয় গোচৰৰ চাৰ্জশ্বীট।

পত্নী, শহুৰেক, শাহুেৱকক হত্যাঃ ঘটনাৰ ৮৭ দিন পাছত আৰক্ষীয়ে দাখিল কৰিলে চাৰ্জশ্বীট
কাৰ্বি আংলঙৰ পথ দুৰ্ঘটনাত যুৱকৰ কৰুণ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in