গোলাঘাটত চুতীয়া জাতি সন্মিলনৰ শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন...

গোলাঘাট জিলাৰ খুমটাইৰ বেতিয়নীত অনুষ্ঠিত হৈছে সদৌ অসম চুতীয়া জাতি সন্মিলনৰ শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
গোলাঘাটত চুতীয়া জাতি সন্মিলনৰ শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন...

শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ খুমটাইৰ বেতিয়নীত অনুষ্ঠিত হৈছে সদৌ অসম চুতীয়া জাতি সন্মিলনৰ শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান । সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ ভূমিপুত্ৰ চুতীয়া সকলৰ প্ৰতিনিধিৰ সমাগম ঘটিছে বেতিয়নীত। এশখন পতাকা উত্তোলন, বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা, সাংস্কৃতিক সন্ধিয়াকে ধৰি অনুষ্ঠিত হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰ।

হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা শোভাযাত্ৰাই দৃষ্টি কাঢ়িলে সকলোকে । জাতি জনগোষ্ঠীৰ মিলনভূমিলৈ পৰিণত হ’ল বেতিয়নী অঞ্চল ৷ আনহাতে সদৌ অসম চুতীয়া জাতি সন্মিলনৰ শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত দাবী উঠিছে ভূমিপুত্ৰ চুতীয়াসকলৰ জনজাতিকৰণৰ প্ৰসংগ ।

চুতীয়া জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা দিবলৈ সকলোৱে দাবী জনাইছে চৰকাৰক ৷ অনুষ্ঠানত নিশা উপস্থিত হৈ কৃষিমন্ত্ৰী অতুল বৰাই ইতিবাচক সঁহাৰি আগবঢ়াই জনজাতিকৰণৰ বিষয়ত । জনজাতিকৰণৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে চুতীয়াসকলক বিশেষ মৰ্যদা প্ৰদান কৰিব বুলি আশাবাদী কৃষিমন্ত্ৰী অতুল বৰা ।

Also Read: টিম কুকে ভাৰতত খুলিব এপল ষ্ট'ৰ

খুমটাই শতবৰ্ষৰ অনুষ্ঠান