ডিজিটেল সংবাদ কাজিৰঙাঃ কাজিৰঙাত অসম পৰ্যটন অধীনত থকা পাচঁ অতিথিশালাৰ জৰাজীৰ্ণ অৱস্থাই বিমুখ কৰিছে পৰ্যটকক ৷ আন্তঃগাঁথনি শূণ্য অতিথিশালাত নাই থকা, খোৱাৰ উপযুক্ত ব্যৱস্থা ৷
উল্লেখ্য যে, অসম পৰ্যটনৰ হটস্পট ৰূপে বিবেচিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৷ কাজিৰঙাৰ নৈসৰ্গিক পৰিৱেশ আৰু বন্যজন্তুৰ শোভা পাণ কৰিবলৈ প্ৰতি বছৰে আহে দেশ,বিদেশৰ অগণন পৰ্যটকে ৷
কিন্তু অসম পৰ্যটনে পৰ্যটকসকলক আতিথ্য প্ৰদানৰ বাবে নিৰ্মাণ কৰা অতিথিশালাৰ জৰাজীৰ্ণ অৱস্থাই বিমুখ কৰিছে পৰ্যটকসকলক ৷দেশী, বিদেশী পৰ্যটকৰ প্ৰথম পচন্দ হিচাপে বিবেচিত হোৱা কাজিৰঙাৰ ৫ অতিথিশালাৰে জৰাজীৰ্ণ অৱস্থা ৷
ইয়াৰে প্ৰশান্তি আৰু বনশ্ৰী অতিথিশালাত নাই থকা-খোৱাৰ উপযুক্ত ব্যৱস্থা৷ ইতিমধ্যে সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে বিদেশী পৰ্যটকৰ প্ৰথম পচন্দ হিচাপে বিবেচিত হোৱা জুপুৰী পৰ্যটন নিৱাস ৷
অসম পৰ্যটনৰ অতিথিশালাৰ দুৰ্বল আন্তঃগাঁথনিৰ বাবেই ব্যক্তিগত খণ্ডৰ অতিথিশালাৰ প্ৰতি অধিক আকৰ্ষিত হৈছে পৰ্যটকসকল৷ আনহাতে পৰ্যটন বিভাগে দাঁতিকাষৰীয়া ব্যক্তিগতখণ্ডৰ হোমষ্টে সমূহক হোমষ্টে নিৰ্মাণৰ বাবে সাহাৰ্য্য প্ৰদানৰো দাৱী সচেতন মহলৰ ৷
Also Read: পথৰ কাষত ৰৈ থকা APDCL ৰ দুই কৰ্মচাৰীক মহতিয়াই নিলে বাহনেঃ এজনৰ মৃত্যু...