ডিজিটেল সংবাদ, কাজিৰঙা : মন্ত্ৰী অতুল বৰাৰ সমষ্টিত উন্নয়নৰ নামত বৃহৎ শূন্য ৷ এৰাবাৰীলৈ পৰিণত কাজিৰঙাস্থিত অসমৰ একমাত্ৰ চৰকাৰী অৰ্কিড উদ্যান ৷ মদ-জোৱাৰ আড্ডাস্থলীলৈ পৰিণত হোৱা উদ্যানখনত দিনতে দেখা যায় বাঘকে ধৰি বিভিন্ন বন্যজন্তু ৷
আধাৰশিলাৰ তিনিটা বছৰ পাছতো মাত্ৰ ২% শতাংশ কাম হোৱাৰ অভিযোগ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, ২০০৩ চনত কংগ্ৰেছ চৰকাৰৰ সেই সময়ৰ মন্ত্ৰী ৰিপুণ বৰাই দেশী-বিদেশী পৰ্যটকে জিৰণি ল'বলৈ নিৰ্মাণ কৰিছিল কাজিৰঙাৰ একমাত্ৰ উদ্ভিদ আৰু প্ৰমোদ উদ্যান ৷ কিন্তু অৰ্ধ নিৰ্মিত অৱস্থাত অজান কাৰণত বন্ধ হৈ পৰিছিল কাম-কাজ ৷
ক্ৰমে এৰাবাৰীলৈ পৰিণত হোৱা উদ্যানখনকে ২০২০ বৰ্ষৰ জুলাই মাহৰ ১৬ তাৰিখে উদ্যান শস্য বিভাগৰ উদ্যোগত প্ৰায় ১৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগীয়া "কাজিৰঙা অৰ্কিড উদ্যান"ৰ আধাৰ শিলা স্থাপন কৰে সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ ইয়াৰ পাছত দিল্লীৰ "Sheel biotech limited" নামৰ এটা কোম্পানীক ঠিকা দিয়াৰ পাছতে ১৭ কোটিটকীয়া অৰ্কিড উদ্যানখনত ব্যাপক অনিয়ম তথা দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷
পূৰ্বৰ বটানিকেল পাৰ্কৰ বাউণ্ডেৰী ওৱালতে ৰঙ কৰি নতুন সজোৱাৰ চেষ্টা কৰিছিল বহিৰাগত কোম্পানীটোৱে ৷ সমান্তৰালকৈ ব্যৱহাৰ কৰা লোহাৰ এংগল সমূহো বছৰ বছৰ ধৰি পৰি থকা তথা মামৰে ধৰা আছিল ৷ তেল ৰঙ হানি বৃহৎ পৰিমাণৰ চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ আছিল স্থানীয় ৰাইজ তথা দল সংগঠনৰ।
উদ্যানখনত থকা বহু মূল্যবান গছ কাটি পেলোৱাৰ লগতে এতিয়া এৰাবাৰীত পৰিণত হৈছে চৌপাশ ৷ মদ জোৱাৰৰ আড্ডাস্থলীলৈ পৰিণত হৈছে অসমৰ প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যান ৷ তদুপৰি বন্যপ্ৰাণীৰ উপস্থিতিৰ বাবে প্ৰায় মানুহৰ আহ-যাহ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে ৷
উদ্যান শস্য বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নিজৰ সমষ্টিতে এনে দৃশ্য দেখাৰ পাছত সৰৱ হৈ পৰিছে দল সংগঠন ৷ একাংশৰ মতে সেইসময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আধাৰশিলা স্থাপন কৰা বাবেই বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিয়া নাই এই বিষয়টোত ৷
Also Read: কাজিৰঙাত ব্যক্তিগত হাতী মাউতৰ দৌৰাত্ম্য: গাদী নোহোৱাকৈ হাতী চাফাৰী...