কাজিৰঙাৰ ৰাজহুৱা খেলপথাৰত নিৰ্মাণ হ’ব হেলিপেড

কাজিৰঙাত বৰ্ধিত পৰ্যটকৰ সংখ্যাৰ বাবে অসম চৰকাৰে এখন হেলিপেড নিৰ্মাণৰ পোষকতা কৰিছে
কাজিৰঙাৰ ৰাজহুৱা খেলপথাৰত নিৰ্মাণ হ’ব হেলিপেড
Published on
Updated on

ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙাৰ ৰাজহুৱা খেলপথাৰত নিৰ্মাণ হ’ব হেলিপেড ৷ সোমবাৰে কাজিৰঙাৰ গেলেকীস্থিত ৰাজহুৱা খেলপথাৰখনত হেলিপেড নিৰ্মাণৰ উপযুক্ততা পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই ৷

এই সন্দৰ্ভত বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰে যে, কাজিৰঙাত বৰ্ধিত পৰ্যটকৰ সংখ্যাৰ বাবে অসম চৰকাৰে এখন হেলিপেড নিৰ্মাণৰ পোষকতা কৰিছে ৷ আনহাতে হেলিপেড নিৰ্মাণৰ পৰিকল্পনা কৰা খেলপথাৰখনৰ বিকল্প হিচাপে বিবেচনা কৰা হৈছে অন্য এটা স্থান ৷

মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে, কাষতে থকা বিদ্যালয়খনো চি বি এচ চিৰ অন্তৰ্ভুক্ত কৰি আন স্থানত নিৰ্মাণ কৰা হ’ব ৷

কাজিৰঙাৰ ৰাজহুৱা খেলপথাৰত নিৰ্মাণ হ’ব হেলিপেড
সংসদৰ অধিৱেশনত ৰঞ্জন গগৈৰ প্ৰথমটো ভাষণ : বিজেপি চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ সাংসদ গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in