মৃত্যু দিৱসত শ্বহীদ জিণ্টু গগৈৰ সমাধি ক্ষেত্ৰলৈ নাহিল ৰজাঘৰৰ প্ৰতিনিধিঃ উচুপি উঠিল মাতৃ...

মৃত্যু দিৱসত শ্বহীদ জিণ্টু গগৈৰ সমাধি ক্ষেত্ৰলৈ নাহিল ৰজাঘৰৰ প্ৰতিনিধিঃ উচুপি উঠিল মাতৃ...
Published on
Updated on

ডিজিটেল সংবাদ,গোলাঘাট: বীৰচক্ৰ কেপ্টেইন জিন্টু গগৈৰ শুকুৰবাৰে ২৪ সংখ্যক মৃত্যু দিৱস । কাৰ্গিল যুদ্ধত বীৰদৰ্পে জপিয়াই পৰি দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ গৰাকীক সোঁৱৰিছে সমগ্ৰ দেশে । শ্বহীদ গৰাকীৰ মৃত্যু তিথিৰ দিনা খুমটাইস্থিত জিন্টু গগৈৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰিলে পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোকে ।

সমগ্ৰ দেশৰ বাবে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদ গৰাকীৰ সমাধিলৈ আহিবলৈ আহৰি নাপালে ৰজাঘৰৰ কোনো এজন লোকে । প্ৰশাসনৰ পৰা নূন্যতম সঁহাৰিও নাপাই আক্ষেপ প্ৰকাশ কৰিছে শ্বহীদ গৰাকীৰ পিতৃ-মাতৃয়ে । কেমেৰাৰ সন্মুখতে উচুপি উঠিলে শ্বহীদ গৰাকীৰ মাতৃয়ে । দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰচক্ৰ কেপ্তেইন জিন্টু গগৈক শ্ৰদ্ধাঞ্জলি জনাবলৈ মনত নপৰিল জিলা প্ৰশাসন তথা জনপ্ৰতিনিধিৰ । কেপ্টেইন গৰাকীৰ মৃত্যুৰ ২৪টা বছৰ পাৰ কৰা পিছত আজিকোপতি চৰকাৰৰ দ্বাৰা লোৱা নহ'ল কোনো এটাও পদক্ষেপ ।

মৃত্যু দিৱসত শ্বহীদ জিণ্টু গগৈৰ সমাধি ক্ষেত্ৰলৈ নাহিল ৰজাঘৰৰ প্ৰতিনিধিঃ উচুপি উঠিল মাতৃ...
জোনমণি ৰাভাৰ মাতৃৰ আহ্বানৰ প্ৰতি সঁহাৰি বিজেপি অসম প্ৰদেশৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in