অসমীয়া প্ৰতিদিনৰ সাংবাদিক বিকাশ শৰ্মালৈ 'গণ সাংবাদিকতা বঁটা-২০২৪'

ধনশিৰি গণ মঞ্চই প্ৰদান কৰিব এই বঁটা
অসমীয়া প্ৰতিদিনৰ সাংবাদিক বিকাশ শৰ্মালৈ 'গণ সাংবাদিকতা বঁটা-২০২৪'
অসমীয়া প্ৰতিদিনৰ সাংবাদিক বিকাশ শৰ্মালৈ 'গণ সাংবাদিকতা বঁটা-২০২৪'
Published on
Updated on

ডিজিটেল সংবাদ গোলাঘাটঃ ৰাজ্যখনৰ এক অৰাজনৈতিক আৰু সামাজিক সংগঠন ধনশিৰি গণ মঞ্চই গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক, অসমীয়া প্ৰতিদিন কাকতৰ ষ্টাফ ৰিপ'ৰ্টাৰ, শিশু সাহিত্যিক তথা গোলাঘাটৰ সংবাদ জগতৰ এগৰাকী আপোচহীন সাংবাদিক হিচাপে পৰিচিত বিকাশ শৰ্মালৈ আগবঢ়াইছে ২০২৪ বৰ্ষৰ "গণ সাংবাদিকতা বঁটা''। আজি গোলাঘাটত এই কথা প্ৰকাশ কৰিছে ধনশিৰি গণ মঞ্চৰ সভাপতি ৰাজীব শ‍ইকীয়াই।

তেওঁ এক গ্রেছ বিজ্ঞপ্তিৰ জৰিয়তে এই খবৰ দি কয় যে, সংবাদ সেৱাৰ সৈতে জড়িত আৰু ৰাইজৰ ওচৰত দায়বদ্ধ আপোচহীন সাংবাদিকতাত উৎসৰ্গিত ৰাজ্যখনৰ নিৰ্বাচিত সাংবাদিকসকলক প্রতি দুবছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰা হ'ব। অহা ২৫ জুনত সাংবাদিক বিকাশ শৰ্মাক তেওৰ বাসভৱনত এই বঁটা প্ৰদান কৰা হ'ব বুলি শ‍ইকীয়াই জানিবলৈ দিছে। গণ সাংবাদিকতা বঁটাৰ সৈতে থাকিব এখন প্রশংসা পত্র, গামোচা, চেলেং আৰু মাননী।

অসমীয়া প্ৰতিদিনৰ সাংবাদিক বিকাশ শৰ্মালৈ 'গণ সাংবাদিকতা বঁটা-২০২৪'
নগাওঁ, ৰঙিয়া, বজালী, ওদালগুৰিকে ধৰি ভিন্ন প্ৰান্তত যোগ দিৱসঃ ভৱেশ কলিতা, ইউ জি ব্ৰহ্ম, ৰণজিৎ দাস আদিৰ অংশগ্ৰহণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in