সাংবিদিক বিকাশ শৰ্মাক গোলাঘাট প্ৰেছ ক্লাবৰ ৰাজহুৱা সম্বৰ্ধনা...
সাংবিদিক বিকাশ শৰ্মাক গোলাঘাট প্ৰেছ ক্লাবৰ ৰাজহুৱা সম্বৰ্ধনা...

সাংবাদিক বিকাশ শৰ্মাক গোলাঘাট প্ৰেছ ক্লাবৰ ৰাজহুৱা সম্বৰ্ধনা...

" ৰোগীয়া দেহাৰ যান্ত্ৰণাৰ মাজত মাতষাৰ পালে,এনে সন্মানে মনতো প্ৰফুল্ল কৰে"-বিকাশ শৰ্মা
Published on

ডিজিটেল সংবাদ গোলাঘাটঃ "ৰোগীয়া শয্যাগত দেহাৰ যান্ত্ৰণা মাজত, ঘোৰ বিপদৰ মুহূৰ্তত এনেদৰে মৰমৰ মাতষাৰ পালে মনতো প্ৰফুল্ল হয় ।‌ ৰাইজৰ পৰা মই বহুত মৰম পাইছো, সহানুভূতি লাভ কৰিছো।‌ আপোনালোকে জনোৱা সন্মানৰ বাবে মই কৃতজ্ঞ ।" গোলাঘাট প্ৰেছ ক্লাবৰ গৌৰৱময় ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান, বিশেষ অধিৱেশন আৰু বঁটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি গোলাঘাট প্ৰেছ ক্লাবৰ উদ্যোগত জনোৱা ৰাজহুৱা সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰবীণ সাংবাদিক, গোলাঘাট প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি বিকাশ শৰ্মাই শয্যাগত দেহাৰে আবেগিক হৈ এনেদৰে মন্তব্য কৰে।

গোলাঘাট প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ প্ৰতি তেওঁ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰে। গোলাঘাট নগৰৰ পুৰণা আমোলাপট্টিস্থিত তেখেতৰ বাসগৃহত আয়োজন কৰা ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত বিভিন্ন সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি, ব্যক্তিয়ে প্ৰবীণ সাংবাদিকগৰাকীক সম্বৰ্ধনা জনায়। এই উপলক্ষে গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞাই পৰিচালনা কৰা সম্বৰ্ধনা অনুষ্ঠানত গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি দেৱজিৎ ফুকন, প্ৰবীণ সাংবাদিক, কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থা আৰু বোকাখাত মহকুমা সাংবাদিক সন্থাৰ উপদেষ্টা মহেন শইকীয়াই বক্তব্য আগবঢ়াই প্ৰবীণ সাংবাদিক বিকাশ শৰ্মাৰ গৌৰৱময় সাংবাদিকতাৰ জীৱনৰ ওপৰত আলোকপাত কৰি আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা জনায়।

সম্বৰ্ধনা অনুষ্ঠানত খুমটাই আঞ্চলিক সাংবাদিক সংস্থাৰ উপ-সভাপতি চন্দন বৰা, প্ৰাক্তন ছাত্ৰ নেতা,সমাজকৰ্মী মমিনুল আৱাল, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগতা বৰা, গোলাঘাট ভোজপুৰী পৰিষদৰ সভাপতি সন্তোষ কানু, সম্পাদক ৰামাশংকৰ চাহু, ফৰকাটিং ক্ৰীড়া সন্থাৰ সাংগঠনিক সম্পাদক মনোজ বৰুৱা, গোলাঘাট প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক প্ৰবীণ কুমাৰ দাস, সাংবাদিক মৃদুমন্ত বৰুৱা, সৌভিক বৰা, অনিমেষ বৰুৱা ,সমাজকৰ্মী প্ৰণৱ শইকীয়া, দিলীপ শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে।‌

উল্লেখ্য যে, প্ৰবীণ সাংবাদিক বিকাশ শৰ্মা বৰ্তমান ৰোগত আক্ৰান্ত হৈ নিজ গৃহতে চিকিৎসাধীন অৱস্থাত আছে।‌ সভাপতি হিচাপে গোলাঘাট প্ৰেছ ক্লাবলৈ তেওঁ আগবঢ়াই যোৱা নিঃস্বাৰ্থ সেৱাৰ বাবে প্ৰেছ ক্লাবে আজি বিশেষভাৱে সম্বৰ্ধনা জনাই কৃতজ্ঞতা জ্ঞাপন কৰে ।

সাংবিদিক বিকাশ শৰ্মাক গোলাঘাট প্ৰেছ ক্লাবৰ ৰাজহুৱা সম্বৰ্ধনা...
অন্ত পৰিল বিটিচিৰ বাজেট অধিবেশনঃ অসন্তুষ্ট বিৰোধী...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in