কাজিৰঙাত কালী পূজাৰ আয়োজন : ব্যস্ততাৰ অন্ত নাই মৃৎশিল্পীৰ

কাজিৰঙাত কালী পূজাৰ আয়োজন : ব্যস্ততাৰ অন্ত নাই মৃৎশিল্পীৰ

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত কালী পূজাৰ আয়োজন : ব্যস্ততাৰ অন্ত নাই মৃৎশিল্পীৰ

ডিজিটেল সংবাদ, কাজিৰঙা : অপশক্তি বিনাশকাৰী, শক্তিৰ প্ৰতীক শ্ৰী শ্ৰী কালী পূজালৈ মাজত মাথো এটা দিন বাকী ৷ ৰাজ্যৰ চৌদিশে তুংগত হৈছে কালী পূজাৰ প্ৰস্তুতি ৷

কাজিৰঙাৰ হাতীখুলিৰ মৃন্ময়শিল্পীসকলৰো যুদ্ধকালীন প্ৰস্তুতি পৰিলক্ষিত ৷ ইতিমধ্যে শক্তিৰ দেৱী কালী পূজাৰ মৃণ্ময় মূৰ্ত্তি বনাই শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে কাজিৰঙাৰ মৃণ্ময় শিল্পীসকল ৷

অৰ্ডাৰ লাভ কৰা প্ৰতিমাসমূহ নিৰ্মাণ কৰি বৰ্তমান শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে কাজিৰঙাৰ শিল্পীসকল ৷ সুনিপুণ হাতেৰে প্ৰতিমাক সুন্দৰ ৰূপ দি ভক্তৰ হাতত তুলি দিবলৈ ব্যস্ত হৈ পৰিছে তেঁওলোক ৷

সমান্তৰালকৈ প্ৰতিমা নিৰ্মাণত ব্যৱহৃত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে বিপদত পেলাইছে তেঁওলোকক। মৃৎশিল্পীসকল উচিত মূল্যৰ পৰা প্ৰতিমা বিক্ৰীৰ ক্ষেত্ৰত বঞ্চিত হোৱা বুলিও আক্ষেপ প্ৰকাশ কৰে।

Also Read: বিশিষ্ট সমাজকৰ্মী- শিক্ষক ৰাজেন্দ্ৰ নাথ বৰা আৰু নাই

কালী পূজা