স্বাধীনতাৰ অমৃত কালতো অৱহেলিত শ্বহীদ কমলা মিৰিৰ জন্মভূমি

স্বাধীনতাৰ অমৃত কালতো অৱহেলিত শ্বহীদ কমলা মিৰিৰ জন্মভূমি
Published on
Updated on

ডিজিটেল সংবাদ, দেৰগাঁওঃ মঙলবাৰে দেশে ৭৭তম স্বাধীনতা দিৱস পালন কৰিলে। পিছে স্বাধীনতা আন্দোলনৰ হকে প্ৰাণ আহুতি দিয়া গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলৰ গোলোং টেমেৰা গাঁৱৰ শ্বহীদ কমলা মিৰিয়ে জন্মগ্ৰহণ কৰা ঠাইখনে বৰ্তমানেও নেদেখিলে উন্নয়নৰ মুখ।

কৃষিমন্ত্ৰী অতুল বৰাৰ বোকাখাট সমষ্টিৰ অধীনৰ মূলতঃ মিচিং লোকৰ বসতি প্ৰধান দিচৈ নৈৰ পাৰৰ উক্ত অঞ্চলটোত দেখিবলৈ পোৱা নাযায় বিকাশৰ ছবি। চিকিৎসা, খোৱাপানী, শিক্ষা, গৰাখহনী, যাতায়ত আদি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হৈ অঞ্চলবাসীয়ে জীৱন অতিবাহিত কৰিব লগা হৈছে। মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অনুদানেৰে শ্বহীদগৰাকীৰ সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰিলে যদিও বৰ্তমান হাবি-জংঘলে আগুৰি ৰাখিছে সমাধি ক্ষেত্ৰৰ চৌপাশ। স্বাধীনতা দিৱসতো উক্ত স্থানত সন্মান প্ৰদৰ্শন বাবে দেখা নগ'ল চৰকাৰী পক্ষ কিম্বা দল-সংগঠন।

শ্বহীদগৰাকীৰ বৰ্তমান পৰিয়ালৰ সদস্য বুলিবলৈ প্ৰয়াত সৰু পুত্ৰ চিপু পাওৰ পত্নী চানুমতি মিৰি জীৱিত অৱস্থাত আছে যদিও খবৰ ল'বলৈ আহৰি নাই চৰকাৰৰ। যাৰ বাবে ৮০ উৰ্দ্ধৰ চানুমতি মিৰিয়ে ক্ষোভ প্ৰকাশ কৰে। তেখেতে সংবাদ মাধ্যমৰ জৰিয়তে শহুৰেক কমলা মিৰিয়ে সমাজৰ বিভিন্ন কৰ্মত জড়িত হৈ থকাৰ কথা অৱগত কৰি চৰকাৰ তথা মন্ত্ৰী অতুল বৰাক আজিলৈকে শ্বহীদ পৰিয়ালটোৰ এজনো শিক্ষিত যুৱকক সংস্থাপন নিদিয়াত ক্ষোভ ব্যক্ত কৰে ।

উল্লেখ্য যে ১৯৪২ চনৰ স্বাধীনতা আন্দোলনত কমলা মিৰিয়ে অংশগ্ৰহণ কৰি কাৰাবাস খাটিছিল। স্বাধীনতা আন্দোলনত সেই অঞ্চলৰ তেওঁৰ সহযোগী আছিল বলোৰাম পো, বাসু পো, কাৰ্ডিক মৰাং, বেপুং পাঠৰি, ধনীৰাম লইং আদি। ১৯৪০ চনত জিলা কংগ্ৰেছত যোগদান কৰা কমলা মিৰিয়ে ৰাজেন বৰুৱা আৰু শংকৰ বৰুৱাৰ লগ লাগি মিচিং সম্প্ৰদায়ৰ মাজৰ পৰা নিৰক্ষৰতা দূৰীকৰণ কামত জড়িত থকা উপৰিও পিছলৈ কংগ্ৰেছৰ প্ৰচাৰক আৰু শান্তি সেনা সংগঠনৰ প্ৰধানৰ দায়িত্ব পালন কৰিছিল।

১৯৪২ চনৰ ২৩ চেপ্তেম্বৰত কমলা মিৰিক গ্ৰেপ্তাৰ কৰাৰ কথাও ইতিহাস বিজৰিত। সেই সময়ত আদালতে যোৰহাট কাৰাগাৰালৈ প্ৰেৰণ কৰিছিল কমলা মিৰিক। ১৯৪৩ চনৰ ৯ ফেব্ৰুৱাৰী পৰা গান্ধীজীৰ অনশনৰ লগত সঙ্গতি ৰাখি কমলামিৰিয়েও অনশন কৰাৰ ফলত স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে।

কাৰাগাৰ কৰ্তৃপক্ষই আন্দোলন নকৰাৰ চৰ্তত মুকলি কৰি দিবলৈ আবেদন বিচাৰিছিল যদিও দেশৰ কাৰণে মৰিব লগা হ'লেও মৰিব তথাপি অপমানজনক আবেদন লিখিবলৈ তেওঁ অস্বীকাৰ কৰে। পিছৰ পৰ্যায়ত তেওঁৰ স্বাস্থ্যৰ অৱস্থা অতি বেছিলৈ অৱনতি ঘটাত চৰকাৰে মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয়। উক্ত বৰ্ষৰ ২২ এপ্ৰিলৰ গধূলি তেওঁৰ পুত্ৰ কাৰাগাৰত উপস্থিত হয়। পিছে সেই দিনা মধ্য ৰাতি সহযোদ্ধা নৰেন্দ্ৰ নাথ শৰ্মাৰ কোলাতেই শেষ নিশ্বাস কৰে কমলা মিৰিয়ে। এইজনা যোদ্ধাৰ প্ৰতি চৰকাৰে কোনো সন্মান প্ৰদৰ্শন নকৰাত ক্ষোব্ধ অঞ্চলবাসীও।

স্বাধীনতাৰ অমৃত কালতো অৱহেলিত শ্বহীদ কমলা মিৰিৰ জন্মভূমি
হিমাচলত বন্ধ সহস্ৰাধিক পথ; উদ্ধাৰ অৰ্ধ শতাধিক মৃতদেহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in