কাজিৰঙাত বিকল ১৮ কোটি টকীয়া ছেনছৰ কেমেৰা...

কাজিৰঙাত বিকল ১৮ কোটি টকীয়া ছেনছৰ কেমেৰা...

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত বিকল ১৮ কোটি টকীয়া ছেনছৰ কেমেৰা...

কাজিৰঙাত বিকল ১৮ কোটি টকীয়া ছেনছৰ কেমেৰা...

ডিজিটেল সংবাদ কাজিৰঙাঃ সমাগত সম্ভাব্য বান ! কাজিৰঙাত বিকল বন বিভাগৰ ১৮ কোটিটকীয়া ছেনছৰ কেমেৰা ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ হালধিবাৰী, কাঞ্চনজুৰি আৰু পানবাৰীৰ এনিমেল কৰিড'ৰত বন বিভাগে স্থাপন কৰা চেনচৰ কেমেৰা সংলগ্ন যানবাহনৰ গতি নিৰিক্ষণ ব্যৱস্থাৰ মৃতপ্ৰায় অৱস্থাৰ বাবে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাত ৷

কাজিৰঙাৰ এনিমেল কৰিডৰসমূহত আচলতে যান বাহনৰ গতি ঘন্টাত সৰ্বোচ্চ ৪০ কিলোমিটাৰ নিৰ্ধাৰণ কৰি বন বিভাগে গতি নিৰীক্ষণ কৰাৰ বাবে  প্ৰায় ১৮ কোটি টকা ব্যয় কৰি তিনিবছৰ পূৰ্বে স্থাপন কৰিছিল ৬ টা চেনচৰ কেমেৰা ৷ উল্লেখ কৰিব লাগিব যে, কেমেৰা স্থাপনৰ পাছত কিছু নিয়ন্ত্ৰণলৈ আহিছিল যানবাহনৰ গতিবেগ।

কিন্তু Speed monitoring ব্যৱস্থা এতিয়া বিকল হোৱাৰ বাবে অধিক সংখ্যক যানবাহনৰ গতিবেগ নিয়ন্ত্ৰণ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ মতে , পথচোৱাত সংঘটিত বহু দুৰ্ঘটনা কেমেৰাত বন্দী হোৱাৰ বাবে তদন্তৰ সুবিধা হৈছিল বনবিভাগৰ ৷

তদুপৰি কৰিডৰ এলেকাত বিভিন্ন সময়ত ৰখাই থোৱা যানবাহনৰ ক্ষেত্ৰতো বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাৰ অভিযোগ উত্থাপন হৈছে ৷ এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ৷

ইফালে কৃষক সভাৰ অসম ৰাজ্যিক সমিতিৰ সহকাৰী সম্পাদক প্ৰণৱ দলেয়ে এই সন্দৰ্ভত কয় যে, ৰাইজৰ টকাৰে খৰচ কৰা ১৮ কোটি টকা কাৰ পুঁজিৰ পৰা তেওঁলোকে লৈছিল? সেয়া জনগণৰ পইছা। ইমান দামী কেমেৰা ক'ৰ পৰা কিনিছিল আমি এতিয়াও বুজি পোৱা নাই। নাছাই ব্যৱহাৰ কৰা কেমেৰা আছিল নেকি?

লগতে তেওঁ প্ৰশ্ন কৰি কয় যে, ইমান দামী কেমেৰা দুবছৰতে কিয় বিকল হ'ল? যিহেতু এই কেমেৰা সংস্থাপনৰ বাবেই কাজিৰঙাত পথ দুৰ্ঘটনাত বনৰীয়া পশুৰ মৃত্যু হ্ৰাস হৈছিল সেয়ে এতিয়া কৰ্তৃপক্ষই জানি বুজি, ইচ্ছাকৃত ভাৱে এই কেমেৰা কেইটা বিকল কৰি ৰাখিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে। সংস্থাপনৰ মাত্ৰ দুবছৰতে বিকল হোৱা, এই ছেনছৰ কেমেৰাৰ দায়িত্ব লাভ কৰা এমট্ৰন নামৰ কোম্পানীটোৰ বিৰুদ্ধে অতি সোনকালে তদন্ত কৰাৰো আহ্বান প্ৰণৱ দলেৰ ৷

Also Read: অনিশ্চিত ভৱিষ্যত বিন্ধাকটা মুলুক গাঁৱৰ অৰ্ধশতাধিক পৰিয়ালৰ...

কাজিৰঙা বন বিভাগ