কাজিৰঙাৰ সুৰক্ষাত প্ৰশিক্ষণপ্ৰাপ্ত কামাণ্ডো বাহিনী

৭৬জনীয়া কামাণ্ডো বেটেলিয়ানে এতিয়াৰে পৰা অহৰ্নিশে সুৰক্ষা দিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক।
কাজিৰঙাৰ সুৰক্ষাত প্ৰশিক্ষণপ্ৰাপ্ত কামাণ্ডো বাহিনী
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ সুৰক্ষাত কামাণ্ডো বাহিনী। ৭৬ জনীয়া কামাণ্ডো বেটেলিয়ানে এতিয়াৰে পৰা অহৰ্নিশে সুৰক্ষা দিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক। চোৰাং চিকাৰীক ৰুধিবলৈ সদা সষ্টম এই বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত কামাণ্ডো বাহিনী।বুঢ়াপাহাৰ আৰু বোকাখাত বনাঞ্চলৰ স্পৰ্শকাতৰ এলেকাত সম্প্ৰতি মোতায়ন কৰা হৈছে কামাণ্ডো বাহনীক।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু আৰক্ষীৰ সৈতে যুটীয়াভাৱে চোৰাং চিকাৰী বিৰুদ্ধে বিশেষ অভিযানত নামি পৰিছে এই কামাণ্ডো গোট। বিশেষ প্ৰশিক্ষণ প্ৰাপ্ত অত্যাধুনিক মাৰণাস্ত্ৰৰে অভিজ্ঞ এই কমাণ্ডো বাহিনী।

শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ ঘটনাৰ তদন্তৰ বাবে কাজিৰঙাত উপস্থিত হৈছিল আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং আৰু তাৰ পিছতেই কাজিৰঙাত মোতায়ন কৰা হৈছে এই কামাণ্ডো বাহিনী। পূৰ্বতে ৰাষ্ট্ৰীয় উদ্যানখনৰ গঁড় সুৰক্ষাৰ বাবে বন সুৰক্ষা বাহিনী, গঁড় সুৰক্ষা বাহিনী, বিশেষ সুৰক্ষা বাহিনী আদি নিয়োগ কৰা হৈছিল যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ক অধিক নিৰাপত্তা প্ৰদান কৰাৰ ক্ষেত্ৰত এই কামাণ্ডো বাহিনী সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in