কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত বক্তৃতা অনুষ্ঠান...

কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত বক্তৃতা অনুষ্ঠান...
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙাঃ চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাত মঙলবাৰে এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ (স্বতন্ত্ৰ) বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক ড° কিশোৰ গোস্বামী।

মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক চৈয়দা ফৌজীয়া ফাৰমিনে আঁত ধৰা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড° পাৰমিতা খাখলাৰীয়ে উদ্বোধনী ভাষণ প্ৰদান কৰে। বিভাগীয় প্ৰধান মনজিত গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰে।

মুখ্য বক্তাই মূল বিষয় "Past before us : Significance and scope of History in present context" ৰ লগত সংগতি ৰাখি বহুখিনি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে। তেখেতে ইতিহাস আৰু বুৰঞ্জীৰ ধাৰণা, বৰ্তমানৰ প্ৰেক্ষাপটত বুৰঞ্জী সম্পৰ্কীয় অধ্যয়নৰ গুৰুত্ব ইত্যাদি বিভিন্ন দিশত মননশীল বিশ্লেষণ দাঙি ধৰে।

উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ নিকটৱৰ্তী কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়, কাজিৰঙা নেশ্বনেল পাৰ্ক উচ্চ মাধ্যমিক বিদ্যালয় আৰু হাতীখুলি চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰতিনিধি আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। সভাৰ অন্তত মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক পবিত্ৰ মিচঙে বিশিষ্ট অতিথিগৰাকীক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে আৰু বিভাগীয় প্ৰতিনিধি সুজাতা বৰুৱাই শলাগৰ শৰাই আগবঢ়ায়।

কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত বক্তৃতা অনুষ্ঠান...
দক্ষিণ আফ্ৰিকাই ঘোষণা কৰিলে টি-২০ বিশ্বকাপৰ দল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in