ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাৰ পথচাৰীৰ বাবে আন এক আকৰ্ষণ এতিয়া এক বিশেষ প্ৰজাতিৰ বান্দৰ। কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে যাত্ৰা কৰোঁতে হালধিবাৰী, কাঞ্চনজুৰি আৰু পানবাৰী অঞ্চলত সাধাৰণতে দেখা পোৱা যায় এক বিশেষ প্ৰজাতিৰ বান্দৰ ৷ সৰ্ব শৰীৰ দীঘল দীঘল নোমেৰে আৱৰি থকাৰ লগতে মুখমণ্ডলত নোমবোৰ হৈ থাকে টুপি আকৃতিৰ ৷ যাৰ বাবে এই প্ৰজাতিৰ বান্দৰক কোৱা হয় কেপ লেংগুৰ বা টুপি মুৰীয়া বান্দৰ।
সাধাৰণতে সামাজিকভাবে বসবাস কৰা টুপি মুৰীয়া বান্দৰৰ বিচৰণ থলি মানাস ৰাষ্ট্ৰীয় উদ্যান, গিবন অভয়াৰণ্যৰ লগতে আন কিছু বনাঞ্চল হ’লেও কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে গছত বগাই থকা দেখা পোৱা যায় টুপি মুৰীয়াৰ দল ৷ গছৰ ডালে-ডালে বগাই খাদ্য খোৱা, জিৰণি বা এটাই লগত আনটোৰ সৈতে ধেমালি কৰা আদি দৃশ্য প্ৰত্যক্ষ দৰ্শীৰ বাবে হৈ পৰিছে আকৰ্ষণীয় ৷
Also Read: নৱমবাৰৰ বাবে ভাৰতৰ দখলত ছাফ চেম্পিয়নশ্বিৰ খিতাপ...