পৰ্যটকক আদৰৰ বাবে ন উদ্যমেৰে সাজু কৰি তোলা হৈছে কাজিৰঙা জাতীয় অৰ্কিড উদ্যান

'অৰ্কিড উদ্যানে চৰকাৰী সকলো কৰ পৰিশোধ কৰে,তাৰ পাছতো ৰাজনীতি কৰা একাংশই বদনাম উলিয়াই ফুৰে ৷ চৰকাৰে বিচাৰিলে অৰ্কিড উদ্যান চৰকাৰক অৰ্পণ কৰিম ৷' : অখিল গগৈ
পৰ্যটকক আদৰৰ বাবে ন উদ্যমেৰে সাজু কৰি তোলা হৈছে কাজিৰঙা জাতীয় অৰ্কিড উদ্যান
Published on
Updated on

ডিজিটেল সংবাদ,কাজিৰঙা : বিগত প্ৰায় ৫মাহৰ বিৰতিৰ অন্তত অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলিৰ সম্ভাৱনা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ যাক লৈ এতিয়া কাজিৰঙাত পৰ্যটন উদ্যোগীৰ যুদ্ধকালীন প্ৰস্তুতি চলিছে ৷

কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত দেখা পোৱা গৈছে ন উদ্যমেৰে পৰ্যটকক আদৰাৰ ব্যাপক প্ৰস্তুতি। নানাৰঙী ফুলেৰে জাতিষ্কাৰ হৈ উঠিছে অৰ্কিড উদ্যান ৷

২০২৩-২৪ পৰ্যটন বৰ্ষত পৰ্যটকে জৈৱ বৈচিত্ৰতাৰে মেটমৰা সম্ভাৰ স্বৰূপ কাজিৰঙা অৰ্কিড উদ্যানৰ নতুন কেইবাটাও সংযোজন লাভ কৰিব ৷ বহুকেইটা মিউজিয়াম ,উত্তৰ পূৰ্বাঞ্চলৰ ৮০ বিধ সংৰক্ষিত বাঁহৰ বাগিছা,প্ৰাকৃতিক পৰিৱেশৰ মাজত সময় অতিবাহিত কৰাৰ লগতে লাভ কৰিব নিশাৰ সাংস্কৃতিক অনুষ্ঠান।

ইয়াৰোপৰি থলুৱা খাদ্য সম্ভাৰকে ধৰি মুঠ ২২টা পৰ্যটন সমল ৷ উল্লেখ্য যে নৱম বৰ্ষ সম্পূৰ্ণ হোৱা অৰ্কিড উদ্যানে এতিয়া পূৰ্ণাংগ পৰ্যায়ত উপনীত হৈ পৰিছে ৷

কাজিৰঙালৈ অহা দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা উদ্যানখন ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে অহা ১অক্টোবৰৰ পৰা মুকলি হ'ব। বিগত পৰ্যটন বৰ্ষত ২৪ লাখ টকা লাভ হোৱা অৰ্কিড উদ্যানত এইবাৰ ন উদ্যমেৰে পৰ্যটকক আদৰিবলৈ প্ৰস্তুত হোৱাৰ কথা অখিল গগৈয়ে উল্লেখ কৰে ৷

লগতে তেওঁ কয়- 'অৰ্কিড উদ্যানে চৰকাৰী সকলো কৰ পৰিশোধ কৰে,তাৰ পাছতো ৰাজনীতি কৰা একাংশই বদনাম উলিয়াই ফুৰে ৷ চৰকাৰে বিচাৰিলে অৰ্কিড উদ্যান চৰকাৰক অৰ্পণ কৰিম ৷'

পৰ্যটকক আদৰৰ বাবে ন উদ্যমেৰে সাজু কৰি তোলা হৈছে কাজিৰঙা জাতীয় অৰ্কিড উদ্যান
ৰ'দে-বৰষুণে,মুকলি আকাশৰ তলত নৱম শ্ৰেণীৰ ছাত্ৰী বাবে অনা চাইকেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in