ডিজিটেল ডেস্কঃ আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত ২০২৪-২৫ পৰ্যটন বৰ্ষৰ আজি আনুষ্ঠানিকভাৱে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আৰম্ভণি কৰে।
এই অনুষ্ঠানত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্তৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে। তেওঁলোক আটায়ে কাজিৰঙাত জীপ ছাফাৰী কৰে। সমান্তৰালকৈ আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কৰা হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানো।
অৱশ্যে আজি কাজিৰঙাত জীপ ছাফাৰীহে আৰম্ভ কৰা হৈছে। হাতী ছাফাৰী অহা ১ নৱেম্বৰৰ পৰাহে আৰম্ভ হ'ব। আজি কাজিৰঙাত বাগৰি, কহঁৰা আৰু বুঢ়া পাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰা হৈছে।
মন্ত্ৰী পাটোৱাৰীয়ে আজি কাজিৰঙাত নতুনকৈ নিৰ্মাণ কৰা ইক’শ্বপো মুকলি কৰে। এই ইক’শ্বপৰ পৰা পৰ্যটকসকলে টুপি, জেকেট, টী চাৰ্টকে ধৰি বিভিন্ন সামগ্ৰী ক্ৰয় কৰিব পাৰিব। এইবাৰ কাজিৰঙাত পৰ্যটকে চাব পাৰিব চিতল মাছৰ জলকেলি। ইয়াৰ বাবে সাজু কৰা ডোঙা টাৱাৰ আৰু বিমলি পথ।
Inaugurated a unique wildlife themed “ECO SHOP” with over 50 products and souvenir items at Bagori Range campus under Kaziranga National Park & Tiger Reserve. The sale and proceeds from this unique and one of its kind Eco Shop will support the forest staff welfare society and… pic.twitter.com/UYP1UQiv0v
— Chandra Mohan Patowary (@cmpatowary) October 1, 2024
এইবাৰ পৰ্যটকৰ সুবিধাৰ বাবে কাজিৰঙাত হাইকিং, ট্ৰেকিং, পক্ষী নিৰীক্ষণ, চাইকেল চলোৱা পথৰো সংযোজন কৰা হৈছে। মিহিমুখৰ পৰা ডাফলাং হৈ ভৈছামাৰীলৈ জীপ ছাফাৰীৰ ব্যৱস্থা কৰাৰ লগতে বুঢ়াপাহাৰত ডিফলু নদীলৈ জীপ ছাফাৰীৰ ব্যৱস্থা কৰিছে। আশা কৰা হৈছে এই সমূহ নতুন সংযোজনে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰিব। ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটকৰ আগমণৰ সংখ্যা বৃদ্ধি পাব।
মন কৰিবলগীয়া যে, ২০২৩-২৪ পৰ্যটন বৰ্ষত কাজিৰঙালৈ অভিলেখসংখ্যক ৩ লাখ ২৭ হাজাপ ৪৯৩ গৰাকী পৰ্যটকৰ আগমণ ঘটিছিল। বিদেশী পৰ্যটক আহিছিল ১৩ হাজাৰ ৯১৯ গৰাকী।
আনহাতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো আজি পৰ্যটকৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প মুকলি কৰা হৈছে। পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী আৰু হাতী ছাফাৰীৰ সুবিধা লাভ কৰিব।
𝐊𝐚𝐳𝐢𝐫𝐚𝐧𝐠𝐚 𝐍𝐚𝐭𝐢𝐨𝐧𝐚𝐥 𝐏𝐚𝐫𝐤 𝐫𝐞𝐨𝐩𝐞𝐧𝐬 𝐟𝐨𝐫 𝟐𝟎𝟐𝟒-𝟐𝟓 𝐓𝐨𝐮𝐫𝐢𝐬𝐭 𝐒𝐞𝐚𝐬𝐨𝐧!
Honoured to officially reopen the world-renowned Kaziranga National Park & Tiger Reserve for the new tourism season today at a programme in the Western Range, Bagori. It… pic.twitter.com/dojjB1y9uS— Chandra Mohan Patowary (@cmpatowary) October 1, 2024
Also Read: বিশিষ্ট সাহিত্যিক সতীশ চন্দ্ৰ চৌধুৰীৰ স্মৃতিত পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলত শোকসভা