চন্দ্ৰযান- ৩ অৱতৰণৰ দৃশ্য শিক্ষাৰ্থীক দেখুৱাবলৈ সাজু কাজিৰঙা নেচনেল পাৰ্ক উচ্চ মাধ্যমিক বিদ্যালয়

চন্দ্ৰযান- ৩ অৱতৰণৰ দৃশ্য শিক্ষাৰ্থীক দেখুৱাবলৈ সাজু কাজিৰঙা নেচনেল পাৰ্ক উচ্চ মাধ্যমিক বিদ্যালয়

author-image
Asomiya Pratidin
New Update
চন্দ্ৰযান- ৩ অৱতৰণৰ দৃশ্য শিক্ষাৰ্থীক দেখুৱাবলৈ সাজু কাজিৰঙা নেচনেল পাৰ্ক উচ্চ মাধ্যমিক বিদ্যালয়

ডিজিটেল সংবাদ,কাজিৰঙা : চন্দ্ৰযান -৩ৰ ৰ'ভাৰ লেণ্ডাৰৰ চন্দ্ৰপৃষ্ঠত অৱতাৰণক লৈ সমৰগ্ৰ দেশ জুৰি উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ কাজিৰঙা নেচনেল পাৰ্ক উচ্চ মাধ্যমিক বিদ্যালয়ত সাজু হৈছে চন্দ্ৰযান-৩ৰ LIVE STREAMING ৰ ব্যৱস্থা l

শিক্ষাৰ্থীসকলক এই বিৰল মুহূৰ্তৰ সাক্ষী হ'বলৈ বিদ্যালয়খনত LCD TV বৰ্তমান সাজু কৰি ৰখা হৈছে । মাজত মাথো কেইঘন্টামানহে বাকী । ভাৰতীয় মহাকাশ সংস্থা (ISRO)দ্বাৰা প্ৰেৰিত চন্দ্রযান-৩ য়ে ইতিমধ্যে চন্দ্ৰত অৱতৰণ কৰাৰ বাবে সাজু হৈ উঠিছে।

বুধবাৰে সন্ধিয়া ৬বাজি ৪ মিনিটত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ দিশে ক্ষণ গণিছে চন্দ্ৰযান-৩য়ে। এনে সময়ত সকলো উৎকন্ঠিত হৈ পৰিছে । সমগ্ৰ দেশৰ বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য মুহূৰ্তৰ সূচনা কৰিবলগীয়া চন্দ্ৰযান-৩ অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণ পৰিচালনা কৰিব এজন অসমীয়া বিজ্ঞানীয়ে ।

এই অভিযান সফল হ'বলৈ অসমৱাসীৰ লগতে কাজিৰঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়ত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলে প্ৰাৰ্থনা জনাইছে। কাজিৰঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ- ছাত্ৰী সকলক সন্ধিয়া ৫ বজাত চন্দ্ৰযান- ৩ অৱতৰণৰ দৃশ্য দেখুৱাবলৈ ইতিমধ্যে সাজু হৈছে বিদ্যালয় কৰ্তৃপক্ষ।

Also Read: পুৰণি পেঞ্চন ব্যৱস্থা পুনঃ প্ৰৱৰ্তনৰ দাবীত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত কৰ্মবিৰতি কাৰ্যসূচী

student kaziranga national park