ডিজিটেল সংবাদ কাজিৰঙাঃ কাজিৰঙাৰ টুৰিষ্ট গাইডৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য কৰাৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তীব্ৰ সমালোচনা কাজিৰঙাৰ স্থানীয় দল সংগঠনৰ। কাজিৰঙাত সম্পন্ন হোৱা টুৰিষ্ট গাইডৰ প্ৰশিক্ষণৰ সময়ত উপস্থিত হৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই টুৰিষ্ট গাইডক উদ্দেশ্যি কৰি কৈছিল- সংবাদ মাধ্যমে আপোনালোকক উচটনি দিব ৷ সংবাদ মাধ্যমৰ পাল্লাত নপৰিব ৷
জয়ন্ত মল্ল বৰুৱাৰ এই মন্তব্যৰ পাছতে কাজিৰঙাৰ স্থানীয় দল, সংগঠন তথা সচেতন লোকসকল অসন্তুষ্ট হৈ পৰিছে। কাজিৰঙাৰ সংবাদ মাধ্যমে বছৰ বছৰ ধৰি কাজিৰঙাৰ পৰ্যটন উন্নয়নৰ বাবে সাংবাদিকসকলে কৰি অহা বাতৰিক নস্যাৎ কৰি মন্ত্ৰীগৰাকীয়ে তেওঁৰ মন্তব্যত আক্ৰমণৰ লক্ষ্য কৰি ল’লে কাজিৰঙাৰ সংবাদ মাধ্যমক ৷
বাতৰি সম্প্ৰচাৰৰ বাবে সাংবাদিকক নিমন্ত্ৰণ কৰি সাংবাদিকৰ সন্মুখতে প্ৰশিক্ষাৰ্থীসকলক ক’লে এতিয়া সামাজিক মাধ্যমৰ সময় ৷ টিভি মানুহে নাচায়। নিজৰ দুই এটা বাতৰিৰ বাবে ভাল বাতৰি নকৰি বেয়া দিশ প্ৰচাৰ কৰি কাজিৰঙাৰ প্ৰতি মানুহৰ দৃষ্টিভংগী বেয়া কৰি পেলাব ৷
মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ এনে মন্তব্যত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কাজিৰঙাত ৷ মন্ত্ৰীৰ এনে উদ্ভত মন্তব্যৰ বিৰোধিতা কৰিছে বহুজনে ৷ আনহাতে অসম জাতীয়তাবাদী যুৱ পৰিষদে পৰ্যটন উন্নয়নৰ ক্ষেত্ৰত কাজিৰঙাৰ সংবাদ মাধ্যমৰ অৰিহনা কাজিৰঙাবাসী জ্ঞাত বুলি মন্তব্য কৰে ৷
সংগঠনৰ স্থানীয় প্ৰতিনিধিয়ে জয়ন্ত মল্ল বৰুৱাক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ দাবী জনাই কয় এইদৰে - জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পৰ্যটন বিভাগৰ মন্ত্ৰী হিচাপে কাজিৰঙাত তেখেতৰ কৰিবলগীয়া বহু দায়িত্ব আছে। কাজিৰঙালৈ আহি তেওঁ সাংবাদিকৰ বিৰুদ্ধে যি মন্তব্য কৰি থৈ গ'ল সেই মন্তব্য অতি দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য।
মন্ত্ৰীগৰাকীয়ে জনা উচিত আজিৰ তাৰিখত কাজিৰঙাত যি কেইজন সাংবাদিক আছে সেই সকলো কাজিৰঙাৰ স্থানীয় লোক। তেওঁলোকে কি কৰি আছে কাজিৰঙাবাসীয়ে বা অসমবাসীয়ে চাই আহিছে। বিভিন্ন সময়ত আমি দেখি আহিছো ইয়াৰ সাংবাদিকসকলে বানপানী হওক, কাজিৰঙাক পৰিস্কাৰ কৰি ৰখাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন কাম-কাজত হাত আগবঢ়ায় আহিছে। পৰ্যটন মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ কথা নুশুনিবলৈ যি উচতনি বক্তব্য দিলে, তেনেধৰণৰ উচতনিমূলক বক্তব্য ভৱিষ্যতলৈ নিদিবলৈ দাবী জনাইছো।
সাংবাদিকে কি কৰে সেয়া তেওঁ কাজিৰঙালৈ আহি কাজিৰঙাবাসীক বুজাব নালাগে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাতকৈ আমি ভালকৈ জানো কাজিৰঙাৰ সাংবাদিকসকলে কি কৰি আছে। কাজিৰঙাৰ সাংবাদিকসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক লৈ যিবোৰ কামকাজ কৰি আছে বা ৰাষ্ট্ৰীয় উদ্যানখনকলৈ যেনেধৰণৰ কাম কাজ কৰি আহিছে, পৰ্যটন ক্ষেত্ৰৰ যিধৰণে প্ৰচাৰ কৰি আহিছে তাৰ বাবে সাংবাদিকসকলক আমি ধন্যবাদহে জনাইছো।
Also Read: ধুবুৰীত যৌন নিৰ্যাতনৰ বলি নাবালিকাঃ অভিযুক্তক আটক...