কাজিৰঙাত চিকিৎসক প্ৰভাত চন্দ্ৰ বৰদলৈৰ বিশেষ পদক্ষেপ...

কাজিৰঙাত এগৰাকী চিকিৎসকৰ ব্যতিক্ৰমী পদক্ষেপক শলাগ লৈছে স্থানীয় ৰাইজে ৷

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত চিকিৎসক প্ৰভাত চন্দ্ৰ বৰদলৈৰ বিশেষ পদক্ষেপ...

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাত এগৰাকী চিকিৎসকৰ ব্যতিক্ৰমী পদক্ষেপক শলাগ লৈছে স্থানীয় ৰাইজে ৷ শিলজুৰি চাহ বাগিছাৰ ফাৰ্মাচিষ্ট প্ৰভাত চন্দ্ৰ বৰদলৈয়ে বিগত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই শিলজুৰি বাগান প্ৰাথমিক বিদ্যালয়ত ঘোষণা কৰিছিল যে, আগন্তুক বৰ্ষসমূহত চৰকাৰী বিদ্যালয়ৰ পৰা যিয়ে ইংৰাজী, গণিত আৰু বিজ্ঞানত সৰ্বোচ্চ নাম্বৰ লাভ কৰিব তেওঁলোকক প্ৰয়াত তিনিজন শিক্ষকৰ সোঁৱৰণত সম্বৰ্ধনা পত্ৰ আৰু কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰিব ৷

সেই কথামতেই প্ৰয়াত তিনিজন শিক্ষক ক্ৰমে কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ ইংৰাজী বিষয়ৰ জিতেন দত্ত, কাজিৰঙা হাইস্কুলৰ গণিত বিষয়ৰ দেৱকান্ত গগৈ আৰু কাজিৰঙা বালিকা বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ অনুপ মেধিৰ সোঁৱৰণত তিনিগৰাকী শিক্ষাৰ্থীক পুৰস্কৃত কৰা হয় ৷ কাজিৰঙা শিলজুৰি বাগিছা প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ মাহেকীয়া শৈক্ষিক আলোচনাৰ সভাত প্ৰয়াত জিতেন দত্ত আৰু দেৱকান্ত গগৈৰ পত্নীক নিমন্ত্ৰণ কৰি তেখেতসকলৰ হাতেৰেই ছাত্ৰ ছাত্ৰীসকলক মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হয় ৷

চিকিৎসক প্ৰভাত চন্দ্ৰ বৰদলৈৰ এই কৰ্মক শলাগ লৈছে বহুজনে ৷ তেখেতৰ এনে কৰ্মই সমাজৰ বাবে বিশেষ অৱদান আগবঢ়াইছে বুলি মন্তব্য কৰে ভিন্নজনে ৷ এই কৰ্মৰ দ্বাৰা উঠি অহা নৱপ্ৰজন্ম বা ছাত্ৰ-ছাত্ৰীসকল অনুপ্ৰেৰণাৰ লগতে উৎসাহিত হ'ব বুলিও মত ব্যক্ত কৰে উপস্থিত ৰাইজে ৷

Also Read: ধূলিসাৎ বিৰোধী; বংগত বিজয় ধ্বজা মমতা বাহিনীৰ...

kaziranga