কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা চাপৰিত ঢেকিয়াপতিয়া বাঘৰ মৃতদেহ উদ্ধাৰ...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভোজমাৰি চাপৰিত ঢেকিয়াপতিয়া বাঘৰ মৃতদেহ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা চাপৰিত ঢেকিয়াপতিয়া বাঘৰ মৃতদেহ উদ্ধাৰ...

ডিজিটেল ডেস্ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ অধীনত থকা ভোজমাৰী চাপৰিত এজনী ঢেকিয়াপতিয়া বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হয়। শনিবাৰে বন বিভাগৰ এটি দলে নিয়মীয়া তহলদাৰী কৰি থকাৰ সময়ত পৰিত্যক্ত অৱস্থাত বাঘজনীৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

দেওবাৰে এন টি চি এ (NATIONAL TIGER CONSERVATION AUTHORITY)ৰ এচ অ' পি অনুসৰি এটা বিশেষ দল (Representative Of NTCA Media, Vetenery Doctor, NGO) উক্ত স্থানত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষা কৰি দাহ কাৰ্যসূচী সম্পন্ন কৰে।

বন বিভাগৰ প্ৰাৰম্ভিক তথ্য অনুসৰি বাঘিনীজনীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত মৃত্যুৰ কাৰণ জানিব পৰা যাব বুলি অৱগত কৰে।

Also Read: সামাজিক অপৰাধৰ বিৰুদ্ধে বাসুগাঁৱত আৰক্ষীৰ সজাগতা সভা...

kaziranga national park