পৰ্যটন বৰ্ষৰ আৰম্ভণিতেই বন্ধ কাজিৰঙাৰ চৰকাৰী অতিথিশালা

পৰ্যটন বৰ্ষৰ আৰম্ভণিতেই বন্ধ কাজিৰঙাৰ চৰকাৰী  অতিথিশালা
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাত অসম পৰ্যটন বিভাগৰ নাভূত-নাশ্ৰুত কাণ্ড ৷ পৰ্যটনৰ ভৰপক সময়ছোৱাত বিভাগৰ ৫ অতিথিশালাৰ ৪খনতেই ফ্ৰেব্ৰুৱাৰী মাহ পৰ্যন্ত বন্ধ পৰ্যটক ৰখাৰ ব্যৱস্থা৷ যাৰ বাবে একাংশ পৰ্যটক বিমুখ হোৱাৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাত৷

উল্লেখ্য যে নতুন পৰ্যটন বৰ্ষত দেশী বিদেশী পৰ্যটকক আতিথ্য প্ৰদান কৰিছে কাজিৰঙাৰ ব্যক্তিগত খণ্ডৰ হোটেল ৰিজৰ্টকে আদি কৰি পৰ্যটন উদ্যোগীসকলে ৷ বিপৰীতে ৰাজ্যৰ পৰ্যটন বিভাগৰ এখন পুতৌ লগা ছবি৷ যি সময়ত কাজিৰঙাৰ প্ৰায় সংখ্যক ব্যক্তিগত পৰ্যটক নিবাসত পৰ্যটকে গিজগিজাই আছে সেই সময়ত মেৰামতিৰ অযুহাতত ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহ পৰ্যন্ত বুকিং ল’বলৈ অপাৰগ কাজিৰঙাৰ অসম পৰ্যটন বিভাগৰ পৰ্যটক নিবাস ৷

উল্লেখ্য যে, অসম পৰ্যটনৰ অতিথিশালাৰ দুৰবস্থাৰ বিষয়ে ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ কৰা হৈছিল ৷আৰু ইয়াৰ পাছতে পৰ্যটনৰ ভৰপক সময়ছোৱাত সময়ছোৱাত চৰকাৰী খণ্ডৰ বনানি, বনশ্ৰী আৰু কুঞ্জবনৰ মেৰামতি কাম আৰম্ভ কৰিছে পৰ্যটন বিভাগেটোৱে ৷

উল্লেখযোগ্য যে, কাজিৰঙালৈ অহা বহু পৰ্যটকৰ প্ৰথম পচণ্ড চৰকাৰী পৰ্যটক নিবাস ৷ নিৰ্ভৰযোগ্য বুলি ধাৰণা থকা পৰ্যটকে স্বাভাৱিকতে গুৰুত্ব দিয়ে চৰকাৰী প্ৰতিস্থানক ৷ বছৰ বছৰ ধৰি এই কথাৰ উমান পাই আহিছে ৰাজ্যৰ পৰ্যটন বিভাগে ৷ তাৰপাছতো বিভাগটোৰ আওকণীয়া মনোভাৱৰ বাবে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাত ৷

আনহাতে পৰ্যটকৰ আকৰ্ষণৰ বাবে বাবে কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মানৰ প্ৰস্তোতি চলাৰ সময়ত বিভাগটোৰ কৰ্মচাৰীৰ আবাস গৃহৰ দুৰৱস্থা দেখিলে পৰ্যটকেও ভাৱিবলৈ বাধ্য হ’ব কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰকৃত স্বৰূপৰ বিষয়ে ৷

পৰ্যটন বৰ্ষৰ আৰম্ভণিতেই বন্ধ কাজিৰঙাৰ চৰকাৰী  অতিথিশালা
জামুগুৰিহাটত চুটি ছবি “দেৱী বিসৰ্জন”ৰ ট্ৰেইলাৰ মুকলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in