ডিজিটেল সংবাদ, কাজিৰঙাঃ অহা ১৫ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ ২০২৩ -২৪ পৰ্যটন বৰ্ষৰ বাবে ১৫ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বাৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষয়৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালিকা সোণালী ঘোষে প্ৰকাশ কৰা মতে 'গ্ৰেটাৰ কাজিৰঙা টুৰিজিম' পৰিকল্পনাৰে লাওখোৱা বুঢ়াচাপৰি আৰু বিশ্বনাথক সামৰি ২০২৩-২৪ পৰ্যটন বৰ্ষক অধিক সম্প্ৰসাৰিত কৰা হ’ব৷
অৱশ্যে ১৫ অক্টোবৰত কেৱল জীপ ছাফাৰী মুকলি কৰা হ’ব৷ হাতী ছাফাৰীৰ বাবে পৰ্যটকে অপেক্ষা কৰিব লাগিব নৱেম্বৰ মাহলৈ। আনহাতে নতুন পৰ্যটন বৰ্ষত ব’টিং, চাইক্লিং আদিৰ বাবে ব্যৱস্থা গ্ৰহন কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষয়৷ ১৫ অক্টোবৰত দ্বাৰ মুকলি অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু চন্দ্ৰমোহন পাটোৱাৰীক ৷