নেচনেল ফটোগ্ৰাফী এণ্ড শ্বৰ্ট ফ্লিম প্ৰতিযোগিতাত কাজিৰঙাৰ সাফল্য

নেচনেল ফটোগ্ৰাফী এণ্ড শ্বৰ্ট ফ্লিম প্ৰতিযোগিতাত কাজিৰঙাৰ সাফল্য

author-image
Asomiya Pratidin
New Update
নেচনেল ফটোগ্ৰাফী এণ্ড শ্বৰ্ট ফ্লিম প্ৰতিযোগিতাত কাজিৰঙাৰ সাফল্য

ডিজিটেল সংবাদ,কাজিৰঙা : ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা “নেচনেল ফটোগ্ৰাফী এণ্ড শ্বৰ্ট ফ্লিম” প্ৰতিযোগিতাত উজলি উঠিছে কাজিৰঙা ৷ পোন প্ৰথমবাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত চলিত বৰ্ষৰ বানপানীৰ সময়ছোৱাত নিৰ্মিত চুটিছবিয়ে লাভ কৰে দ্বিতীয় স্থান ৷

“ফ্লাড টাইম মেনেজমেণ্ট অফ এনিমেলছ ইন ২০২৪” শীৰ্ষক চুটিছবিখন স্থান লাভ কৰাত উৎফুল্লিত উদ্যান কৰ্তৃপক্ষ,কাজিৰঙাবাসী ৷ উদ্যান কৰ্তৃপক্ষৰ টাইগাৰ চেলে প্ৰস্তুত কৰা ছবিখনে কাজিৰঙাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াত অনাত আনন্দিত ছবিখনৰ সৈতে জড়িত বিতোপন কলঙ,জান্তু চৌধুৰী,পাপুল ৰাভা আৰু দিপাংকৰ ডেকা।

ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া, ডেৰাদুনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা।

Also Read: সাদিন- প্ৰতিদিন গোষ্ঠীৰ ‘দ্য কনক্লেভ ২০২৪’ৰ আজি দ্বিতীয় দিন

kaziranga National Photography