ডিজিটেল সংবাদ, গোলাঘাটঃ মঙলবাৰে গোলাঘাটত খালিস্থানী উগ্ৰপন্থীৰ বিৰুদ্ধে সৰৱ হৈ পৰে হিন্দু যুৱ পৰিষদ, অসমৰ গোলাঘাট জিলা সমিতি । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খালিস্থানী উগ্ৰপন্থীয়ে ভাবুকি দিয়াৰ প্ৰতিবাদত পৰিষদৰ শতাধিক সদস্যই গোলাঘাট চহৰত খালিস্থানী পতাকা দাহ কৰে ।
লগতে অসমত বিভ্ৰান্তিকৰ পৰিবেশৰ সৃষ্টি নকৰিবলৈ সকিয়াই প্ৰদান কৰে। প্ৰতিবাদকাৰী সকলে নানান খালিস্থান বিৰুধী ধ্বনি দি এনেবোৰ অপশক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় ।
উল্লেখ্য যে খালিস্তানী বহুকেইজন সদস্যক অসমৰ ডিব্ৰুগড়ত ৰখা হৈছে । অসমৰ কাৰগাৰত সৰ্তীৰ্থক অত্যাচাৰৰ অভিযোগ তুলি শেহতীয়াকৈ খালিস্তানী সদস্যই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শেহতীয়াকৈ ভাবুকি প্ৰদান কৰিছে ।
Also Read: পবিতৰাৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াৰ...