ডিজিটেল সংবাদ, গোলাঘাট: অসম আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা তথা তেতিয়াৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ সংগ্ৰামী সৰ্তীথ মঞ্চ, অসমৰ উপদেষ্টা পৱন কাকতিৰ দেহাৱসান। হৃদ ৰোগত আক্ৰান্ত হৈ পৱন কাকতিয়ে শনিবাৰে শেষ নিশা গোলাঘাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। ৭০ বছৰীয়া কাকতিয়ে পত্নী আৰু পুত্ৰৰ লগতে বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে।
অসম আন্দোলনৰ সময়ত সমুখৰ পৰা সংগ্ৰামী জনতাক নেতৃত্ব দি পুলিচ চিআৰপিৰ অত্যাচাৰৰ বলি হোৱা কাকতিয়ে কেইবামাহো কাৰাবাস খাতিব লগীয়া হৈছিল। দেওবাৰে জাতীয়তাবাদী নেতা জনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ গোলাঘাট জিলাতে শোকৰ ছাঁ পৰে। ছাত্ৰাৱস্থাত এগৰাকী দায়িত্বশীল ছাত্ৰ সংগঠক ৰূপে সেই সময়ত জনপ্ৰিয় হৈ পৰা কাকতিৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
তেওঁৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সহকাৰী সাধাৰণ সম্পাদক অভিবৰ্তন গোস্বামী, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি গীতাৰ্থ শইকীয়া, সাধাৰণ সম্পাদক বিশ্বজিৎ গগৈ, গোলাঘাট মহকুমা ছাত্র সন্থা, গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি বিকাশ শৰ্মা আৰু সাধাৰণ সম্পাদক দ্বীপেন বৰা, গোলাঘাট মহকুমা সাংবাদিক সংস্থা, অসম জাতীয়তাবাদী যুৱছাত্ৰৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু উপসভাপতি জীতুল ৰাজখোৱা, পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি নিকুঞ্জ মেধি আৰু সাধাৰণ সম্পাদক ৰাজীৱ দাস আদিয়ে শোক প্ৰকাশ কৰিছে।
লগতে সংগ্ৰামী সৰ্তীথ মঞ্চ, অসমৰ সভাপতি প্ৰদীপ গোস্বামী, সাধাৰণ সম্পাদক ৰাণা কলিতা, গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি তফজুল হক বৰবৰা ,সম্পাদক বন্তি বৰা,গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি ৱাজিদুৰ ৰহমান, প্ৰাক্তন ছাত্ৰ নেতা অমিয় কুমাৰ বৰা, বিপুল দাস, ত্ৰিদিপ বেজবৰুৱা, ৰাজুমণি বেজবৰুৱা, পৱন শইকীয়া, নোগোৰা নৱতৰঙ্গ যুৱ সংঘ, গোলাঘাট এমেচাৰ থিয়েটাৰ চছাইটিৰ প্ৰশাসনিক সম্পাদক দীপমণি খাটনীয়াৰ, অসম গণ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ড০ নৃপেন বৰুৱা আৰু সাধাৰণ সম্পাদক আচিকুৰ ৰহমান আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
Also Read: 'এছিয়ান গেমছ-২০২৩'ত ভাৰতীয় হকী দলে ১৬-০ গলত পৰাস্ত কৰে উজবেকিস্তানক