কাজিৰঙাৰ মহামায়া থানত উৎসৱমুখৰ পৰিৱেশ

কাজিৰঙাৰ মহামায়া থানত উৎসৱমুখৰ পৰিৱেশ
Published on
Updated on

ডিজিটেল সংবাদ,কাজিৰঙা : আজি পবিত্ৰ মহাষ্টমী ৷ সমগ্ৰ ৰাজ্যতে এতিয়া উৎসৱমুখৰ পৰিৱেশ ৷ আহোম ৰজা গদাধৰ সিংহৰ ঐতিহ্য বিজড়িত মহামায়া থানত শনিবাৰৰ পৰা ৪দিনীয়া কাৰ্য্যসূচীৰে ম'হ,হাঁহ ছাগলী, পাৰৰ বলি বিধান প্ৰক্ৰিয়াৰে দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰা হৈছে ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তই বলি বিধানৰ বাবে যি সমূহ ম'হ,ছাগলী,হাঁহ-পাৰ লৈ আহিছে সেইসমূহ সম্পূৰ্ণ নোৱাই-ধুৱাই সাজু কৰি ৰখা হৈছে ৷ মহাষ্টমী উপলক্ষ্যে ইয়াত পুৱাৰে পৰা দূৰ-দূৰণিৰ পৰা অহা ভক্তসকলে ভিৰ কৰিছেহি ৷

প্ৰতিজন ভক্তই হাহঁ-পাৰ,ম'হ ছাগলী বলি বিধান প্ৰক্ৰিয়াৰে দেৱী দুৰ্গাৰ ওচৰত সেৱা ধৰিছে ৷ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ১৫ টা বৰবলি(ম’হ),হাজাৰৰো অধিক ছাগলী,হাঁহ-পাৰ বলি বিধান প্ৰক্ৰিয়াৰে দেৱীৰ চৰণত আগবঢ়োৱা হৈছে ৷

উল্লেখযোগ্য যে ১৭ শতিকাত স্থাপন হোৱা এই কাকগোসানী থানখনেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যনক ৰক্ষা কৰি আহিছে বুলি এক জনবিশ্বাস গঢ়ি উঠিছে ৷ সেয়েহে উদ্যানৰ লগতে গঁড় সুৰক্ষাৰ বাবেও ইয়াত প্ৰাৰ্থনা জনোৱা হয় ৷

কাজিৰঙাৰ মহামায়া থানত উৎসৱমুখৰ পৰিৱেশ
পূজাৰ আনন্দৰ মাজতে নগাঁৱত শোকাৱহ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in