৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৈশ বাছলৈ শিল দলিয়ালে এজনেঃ বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৈশ বাছলৈ শিল দলিয়ালে এজনেঃ বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৈশ বাছলৈ শিল দলিয়ালে এজনেঃ বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা
Published on
Updated on

ডিজিটেল সংবাদ নুমলীগড়ঃ নুমলীগড়ৰ কাষৰীয়া বনগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৰাজপথেৰে গৈ থকা এখন চলন্ত বাছলৈ লক্ষ্য কৰি এজন ব্যক্তিয়ে শিল দলিয়াই দিয়াত ভাঙিল বাছখনৰ গ্লাছ। জানিব পৰা মতে যিগৰাকী ব্যক্তিয়ে এই কাম কৰিলে তেওঁ সুৰাসক্ত অৱস্থাত আছিল।

সুৰাসক্ত ব্যক্তিজনৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হোৱা এই বাছখনৰ নাম ৰিছি ইণ্ডিয়া। এই ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত চালক, হেণ্ডিমেনৰ উপৰিও আছিল বহু যাত্ৰী। ঘটনাত কথমপি এই লোকসকলৰ প্ৰাণ ৰক্ষা পৰে।

গুৱাহাটীৰ পৰা যোৰহাটলৈ গৈ থকা অৱস্থাত এই বাছখন গোলাঘাটৰ কমাৰগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বনগাঁৱত এইদৰে মদাহীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে। ইয়াৰ পিছতে বাছখনৰ চালক, কৰ্মচাৰীয়ে ঘটনা সন্দৰ্ভত কমাৰগাওঁ আৰক্ষীক অৱগত কৰে।

আৰক্ষীয়ে ঘটনাস্থলীলৈ আহি তদন্ত আৰম্ভ কৰাৰ লগতে এই সুৰাসক্ত লোকজনৰ সন্ধান অব্যাহত ৰাখিছে। ঘটনা সন্দৰ্ভত বাছখনৰ চালকজনে কয়, গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে আহি থকাৰ সময়তে বনগাওঁ ধাবাৰ পথৰ কাষত এজন যুৱক ৰৈ আছিল।

তেওঁক অতিক্ৰম কৰি আগুৱাই যোৱাৰ সময়তে হঠাৎ এটা পাথৰ বাছখনৰ চালকজনৰ ফালে দলিয়াই দিয়ে। ফলত বাছখনৰ সন্মুখৰ সম্পূৰ্ণ গ্লাছখন ভাঙি যোৱাৰ লগতে পাথৰটো গৈ বাছখনৰ ভিতৰত পৰে।

হঠাৎ সংঘটিত হোৱা এই আক্ৰমণত চালকজনে কথমপি বাছখন কোনো বৃহৎ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা কৰে। এই আক্ৰমণৰ ফলত গোটেই বাছখনৰ যাত্ৰীসকলৰ জীৱনলৈ বিপদ নামি আহিছিল।

আক্ৰমণত চালকগৰাকী সামান্য পৰিমাণে আহত হোৱাৰ লগতে এজন যাত্ৰীৰ দেহৰ বিভিন্ন স্থানত গ্লাছৰ টুকুৰা চিটিকি পৰি আঘাত কৰিছে। আন এজন ব্যক্তিৰ ভৰি কাটিছে।

ইফালে আক্ৰমণ সংঘটিত কৰিয়েই সুৰাসক্ত যুৱকজনে পলায়ন কৰে। স্থানীয় লোকে জানিবলৈ দিয়া মতে এই যুৱকজনে পূৰ্বেও এইদৰে আন কেইবাখনো বাহনলৈ শিল দলিয়াইছে।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৈশ বাছলৈ শিল দলিয়ালে এজনেঃ বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা
মুখ্যমন্ত্ৰীয়ে দিয়া সময়সীমাৰ ম্যাদ উকলিলঃ মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে আন্দোলন ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in